সুন্দৰ ছালৰ গৰাকী হ’বলৈ এইবোৰ উপকৰণ জৰুৰী

0
314

আমাৰ মুখৰ ছালৰ সৌন্দৰ্যতাই আকৰ্ষণৰ মূল বুলি ক’ব পাৰি৷ এখন সুন্দৰ ছালৰ গৰাকী হ’বলৈ সকলোৱে হাবিয়াহ কৰে৷ ইয়াৰ বাবে বিভিন্ন প্ৰকাৰে চেষ্টা কৰা যায়৷ বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত এখন সুন্দৰ, সতেজ ছালৰ অধিকাৰী হ’বলৈ নিতৌ পাৰ্লাৰলৈ যোৱাৰ লগতে নিজেও ঘৰুৱাভাৱে যতনৰ ত্ৰুটী নকৰে৷ এখন সুন্দৰ ছালৰ গৰাকী হ’লে কি কৰিব জানো আহক৷
ঘৰুৱাভাৱে বিলাহীৰ ফেচপেক ব্যৱহাৰ কৰি ছালখনৰ সৌন্দৰ্য অটুট ৰাখিব পাৰে৷ যিসকলৰ ছালখন তৈলাক্ত হয়, সেইসকলৰ বাবে বিলাহীৰ ফেচপেক উত্তম৷ বিলাহী ব্যৱহাৰ কৰাৰ ফলত ছালখন তেলাল ভাব নাইকিয়া হয়৷ ছালৰ ছিদ্ৰ কম কৰাত আৰু ছালখনৰ টান-ডাঠ ভাব নোহোৱা কৰে৷
ছালখন ভালে ৰাখিবলৈ এক্সফোলিয়েটৰ কৰা উচিত৷ ইয়াৰ বাবে ঘৰুৱা উপায়েৰে অলপ চেনি, কফি আৰু নাৰিকলৰ তেল একেলগে লৈ এটা মিশ্ৰণ প্ৰস্তুত কৰিব৷ এই মিশ্ৰণটো ছালখনত লগালে ছালখন সতেজ আৰু মসৃণ হয়৷
ছালৰ সুৰক্ষাৰ বাবে ভিটামিন-চি জাতীয় খাদ্য প্ৰচুৰ পৰিমাণ খাব লাগে৷ ভিটামিন-চি ছালৰ বাবে অত্যন্ত উপকাৰী৷  ভিটামিন-চি-এ কলাজোল আৰু ইলাষ্টিন উভয়ৰ উৎপাদনত প্ৰভাৱিত কৰাত সহায় কৰে৷
ছালৰ লাৱণ্য আৰু তাৰুণ্য ভাব অৰ্থাৎ ছালখনত বয়সৰ চাপ নপৰিবলৈ হায়ালুৰোনিক এচিড দৰকাৰী৷ ছালৰ সুৰক্ষাৰ বাবে কৰা কাৰ্যত হায়ালুৰোনিক এচিড যোগ কৰাৰ প্ৰয়োজন৷ ছালৰ চেহেৰা মসৃণ কৰাত এই উপাদানে যথেষ্ট সহায় কৰে৷
সাধাৰণতে সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা ছালখনক সুৰক্ষা দিবলৈ ছানস্ত্ৰিন ব্যৱহাৰ কৰা জৰুৰী৷ অত্যধিক ৰ’দত বাহিৰলৈ ওলালে ছালৰ ধৰণ অনুসৰি ছানস্ত্ৰিন ব্যৱহাৰ কৰি বাহিৰলৈ ওলাব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here