খালী পেটত আখৰোট খালে কি কি উপকাৰ পাব পাৰি ?

0
41


আজিকালি স্বাস্থ্যৰ যতনৰ বাবে বহুতেই DRY FRUITS নিয়মিতভাৱে খোৱাৰ অভ্যাস কৰি লয়৷ ইয়াৰ ভিতৰত আলমণ্ড, আখৰোট, কাজুবাদাম, খেজুৰ, কিচমিচ, বাদাম আদি বিভিন্ন DRY FRUITS আছে৷ বিভিন্ন DRY FRUITS খোৱাৰ লগতে এইবিধ ফল খোৱাৰো অভ্যাস আছে বহুতৰে৷ বহুতেই আকৌ পুৱা খালী পেটত আখৰোট খায়৷ কিন্তু আপুনি জানেনে পুৱা খালী পেটত আখৰোট খালে শৰীৰৰ কি কি পৰিৱৰ্তন ঘটিব পাৰে অথবা ইয়াৰ স্বাস্থ্য উপকাৰী গুণ কিমান৷ পেনছিলভেনিয়া বিশ্ববিদ্যালয়ৰ গৱেষকে কোৱা মতে পুৱা খালী পেটত নিয়মিতভাৱে আখৰোট খোৱাৰ অভ্যাস কৰিলে কেঞ্চাৰ, হাৰ্টৰ অসুখ, স্নায়ুগত সমস্যা, ৰক্তচাপ নিয়ন্ত্ৰণসহ বিভিন্ন ৰোগৰ ঔষধ হিচাপে কাম কৰে৷ বিশেষকৈ আখৰোটক ব্ৰেন ফুড অৰ্থাৎ মস্তিষ্কৰ খাদ্য হিচাপে গণ্য কৰা হয়৷ আখৰোটত থকা ওমেগা থ্ৰী ফেটি এচিড, ভিটামিন-ইৰ দৰে উপাদানে ছাল আৰু চুলিৰ স্বাস্থ্যৰ বাবে সাংঘাতিক কাৰ্যকৰী৷ যিসকল লোকৰ অনিদ্ৰাৰ সমস্যা বা ৰাতি টোপনি ভাল নহয় তথা ডাটেবেটিছ নিয়ন্ত্ৰণত নাথাকে, তেওঁলোকে নিয়মিতভাৱে আখৰোট খোৱাৰ অভ্যাস কৰিলে এই সমস্যাৰ পৰা মুক্তি লাভ কৰিব৷ আনহাতে হাড় আৰু দাঁতৰ যত্নত আখৰোট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ ওমেগা থ্ৰী ফেটি এচিড থকা বাবে আখৰোট খালে মস্তিষ্কৰ বিকাশ তথা কাৰ্যকাৰিতা বৃদ্ধিত সহায় কৰে৷ আখৰোট নিয়মিতভাৱে খালে স্মৃতিশক্তি বৃদ্ধি পোৱাৰ লগতে নিউৰোলজিকেল ডিজঅৰ্ডাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা নাথাকে৷ আখৰোটত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে বাবে হজম ক্ষমতা বৃদ্ধিত সহায় কৰে৷ আখৰোট খালে পাকস্থলীত হজম সাহায্যকাৰী বেক্টেৰিয়াৰ সৃষ্টি কৰি পেট ভালে ৰখাৰ লগতে পেটৰ নানা সংক্ৰমণ নোহোৱা কৰাত সহায় কৰে৷ গৱেষণাৰ পৰা দেখা গৈছে যে আখৰোটত এণ্টিঅক্সিডেণ্ট আৰু অন্যান্য ৰাসায়নিক থকা বাবে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here