হৰমনৰ ভাৰসাম্য ঠিকে ৰাখিবলৈ এই অভ্যাস কৰক

0
36


আমাৰ শৰীৰৰ এনাৰ্জি লেভেল, মুড, মেটাবলিজম আদি সকলো নিৰ্ভৰ কৰে হৰমনৰ ওপৰত৷ এই ক্ষেত্ৰত ইয়াৰে যিকোনো এটাৰ ইফাল সিফাল হ’লে শাৰীৰিক তথা মানসিক স্বাস্থ্যত ব্যাঘাত জন্মে৷ সেয়ে শৰীৰত হৰমনৰ ভাৰসাম্য সঠিক কৰি ৰখাৰ বাবে কিছু অভ্যাস গঢ়ি তোলাটো অতি জৰুৰী৷ দৈনিক খাদ্য তালিকাত ৰাখক প্ৰ’বায়’টিক সমৃদ্ধ দৈ, পনিৰ আৰু আপেল চিডাৰ ভিনেগাৰ৷ এইধৰণৰ খাদ্যই পেটৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী তথা খেয়াল ৰাখে৷ যাৰ ফলত হৰমনৰ ভাৰসাম্য অটুট থাকিব৷
মনত ৰাখিব খোৱাৰ পাছত কমেও ১০ মিনিট সময় খোজ কঢ়াটো অত্যন্ত উপযোগী৷ এই সুঅভ্যাসৰ ফলত খাদ্য সহজে হজম হয়৷ ইয়াৰ লগতে ব্লাড ছুগাৰ নিয়ন্ত্ৰণত থকাত সহায় কৰে৷ যাৰ ফলত ইনছুলিনৰ হৰমনৰ বেলেঞ্চ ঠিকে থাকে৷
হৰমনৰ কাৰ্যকাৰিতা ঠিকে ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা আছে ইলেকট্ৰ’লাইটছৰ৷ সেয়ে ইলেকট্ৰ’লাইটছ সমৃদ্ধ পানী সেৱন কৰি শৰীৰ হাইড্ৰেট কৰি ৰাখক৷ অথবা পটাচিয়াম, ছডিয়াম আৰু মেগনেচিয়াম সমৃদ্ধ খাদ্য গ্ৰহণ কৰিলেও হৰমনৰ ভাৰসামা ঠিকে থাকে৷
দৈনন্দিন খাদ্য তালিকাত অন্ততঃ ৩০ গ্ৰাম প্ৰ’টিন সমৃদ্ধ খাদ্য ৰাখক৷ প্ৰ’টিনে হৰমনৰ উৎপাদনত ডাঙৰ ভূমিকা পালন কৰে৷ সেয়ে কণী, মাছ, মাংস, দাইল আদি খাদ্যত অন্তৰ্ভুক্ত কৰক৷
মিঠাই জাতীয় পানীৰ পৰিৱৰ্তে গ্ৰীন টী বা কেমোমাইল টীৰ দৰে ভেষজ পানীয় সেৱন কৰক৷ এণ্টিঅক্সিডেণ্ট সমৃদ্ধ এইধৰণৰ পানীয়ই শৰীৰৰ প্ৰদাহ কমাই হৰমনৰ ভাৰসাম্য বজাই ৰাখে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here