অকস্মাৎ সাপ দেখিলে তৎক্ষণাৎ কি কৰিব ?

0
35


সাধাৰণতে মাৰ্চ আৰু এপ্ৰিল মাহ হৈছে সাপৰ প্ৰজননৰ সময়৷ এই সময়ছোৱাত য’তে-ত’তে সাপ ওলাব পাৰে বা আপুনি অকস্মাতে কেতিয়াবা সাপৰ মুখামুখি হ’ব পাৰে৷ এইদৰে হঠাতে ৰাস্তাৰ কাষ তথা ঘৰৰ চুক-কোণত সাপ দেখিলে কি কৰিব? অথবা সাপে কামুৰিলে লগে লগে কি কৰিব? এই সময়ত মানুহে ভয় বা টেনশ্যনত সাংঘাতিক ভুল কৰে অথবা মনৰ ভ্ৰম হয়, কি কৰিব কি নকৰিব এইধৰণৰ অৱস্থা হয়, একো বুদ্ধি নোহোৱা হয়৷ যাৰ বাবে সঠিক পন্থা তথা বিচাৰ কৰাৰ ব্যৰ্থ হয়৷ এই দুৰ্যোগৰ সময় কি কৰা উচিত জানো আহক বিশেষজ্ঞৰ মুখৰ পৰা৷
সাধাৰণতে আমাৰ দেশৰ বিশেষকৈ গ্ৰামাঞ্চলত সাপৰ উপদ্ৰৱ বেছি৷ বিশেষকৈ ঘন জংঘল, নদীকাষৰীয়া ঠাই, পাহাৰ বিস্তৃত এলেকা আদিবোৰত সাপৰ উপদ্ৰৱ অত্যধিক হয়৷ আনহাতে বিভিন্ন সময়ত এনে অঞ্চলতো আছে, য’ত সাপে কামোৰাৰ ঘটনা প্ৰায়ে ঘটি থাকে৷ কিন্তু ভয় তথা এই সম্পৰ্কত অজ্ঞতাৰ বাবে বহুতৰে মৃত্যুৰ দৰে ঘটনাও ঘটে৷ বহুতেই আকৌ সাপ দেখাৰ লগে লগে ভয় খায় তথা তেনে অৱস্থাত ততালিকে সিদ্ধান্ত লোৱাত ভুল কৰে৷ যাৰ ফলত বিষম পৰিস্থিতিৰো সৃষ্টি হ’ব পাৰে৷ বহুতেই আকৌ সাপ দেখা মাত্ৰকে মাৰি পেলায় অথবা কেতিয়াবা এনে কৰিবলৈ যাওঁতে সাপে মানুহক কামোৰাৰ ঘটনাও ঘটে৷ সেয়ে সাপ সংৰক্ষণ তথা সাপৰ কামোৰৰ পৰা বাচিবলৈ সৰ্প বিশেষজ্ঞই কিছু পৰামৰ্শ তথা উপদেশ আগবঢ়াইছে, যিবোৰ উপদেশ মানি চলিলে সাপৰ প্ৰতি থকা ভয় আৰু ইয়াৰ আক্ৰমণৰ পৰা ৰক্ষা পাব পাৰি৷ বিশেষজ্ঞই কোৱা মতে যিকোনো সময়তে সাপ দেখা পাব পাৰে যদিও শীতকালত সাপ খুব কমকৈ দেখা যায়৷ আনহাতে বৰ্ষাকালত সাপে কামোৰাৰ ঘটনা সৰ্বাধিক হয়৷ ইয়াৰ লগতে মাৰ্চ-এপ্ৰিল মাহত সাপৰ প্ৰজননৰ সময়৷ এই সময়ত খুব সঘনাই সাপ প্ৰত্যক্ষ কৰিব পাৰে৷ সেয়ে এই সময়ত সাপৰ সৈতে মুখামুখি হ’লে আতংকিত নহৈ অত্যন্ত সাৱধান হওক৷ এই ক্ষেত্ৰত মন শান্ত কৰা উচিত আৰু সাপৰ পৰা দূৰত্ব বজাই ৰখা জৰুৰী৷ সাপ দেখাৰ লগে লগে শান্তি বজাই ৰাখি লগতে হৈ-হাল্লা নকৰিব৷ আপুনি সাপ দেখি বিকট চিঞৰ বাখৰ কৰাৰ ফলত সাপে নিজৰ আত্মৰক্ষাৰ বাবে আক্ৰমণাত্মক হৈ উঠিব পাৰে৷ তেনে অৱস্থাত সাপে খোটাৰ পূৰ্ণ সম্ভাৱনা থাকে৷ এটা কথা মনত ৰখা ভাল যে সাপে মানুহৰ স্পৰ্শ এৰাই চলে৷ অৱশ্যে কেতিয়াবা সাপ দেখিলে মুখেৰে জোৰকৈ শব্দ কৰাৰ ফলত সাপে নিমিষতে আঁতৰি যায় যদিও এনে অৱস্থাত সাপৰ পৰা যথেষ্ট দূৰত্ব বজাই ৰখা দৰকাৰ৷ আমি জানো যে সাপৰ কাণ নাই যদিও কম্পনৰ প্ৰতি সাপ খুব সংবেদনশীল৷ নিৰ্দিষ্ট ঠাইৰ পৰা অহা শব্দ ই লগতে ধৰিব পাৰে আৰু আত্মৰক্ষাৰ বাবে প্ৰস্তুত হয়৷ সেয়ে সাপ দেখাৰ লগে লগে আতংকিত নহৈ ইয়াক নিৰ্দিষ্ট স্থানলৈ যাবলৈ দিহে ধীৰে ধীৰে  আগবঢ়া উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here