কিমান শতাংশ ভাৰতীয়ই স্বাস্থ্যকৰ আহাৰ খাবলৈ নাপায় ?

0
280

৭১ শতাংশ ভাৰতীয়ৰ স্বাস্থ্যকৰ আহাৰ খোৱাৰ সামৰ্থ্য নাই আৰু নিম্নমানৰ বা অপ্ৰতুল আহাৰ খোৱাৰ কাৰণে হোৱা বিভিন্ন ৰোগত প্ৰতি বছৰে ১৭ লাখ লোকৰ মৃত্যু হয়৷ চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্ট [চি এছ ই] আৰু ডাউন টু আৰ্থ আলোচনীয়ে প্ৰকাশ কৰা এখন প্ৰতিবেদনত এই কথা কোৱা হৈছে৷
‘ষ্টেট অব্‌ ইণ্ডিয়াজ এনভাইৰনমেণ্ট ২০২২ ঃ ইন ফিগাৰ্ছ’ শীৰ্ষক প্ৰতিবেদনখনত কোৱা হৈছে যে সুষম আহাৰৰ অভাৱৰ কাৰণে শ্বাস-প্ৰশ্বাসজনিত ৰোগ, বহুমূত্ৰ, কৰ্কট, ষ্ট্ৰ’ক, কৰনেৰি হাৰ্ট ডিজিজ আদি হোৱাৰ বিপদ বাঢ়ে৷ প্ৰতিবেদনখনত ফল-মূল, শাক- পাচলি, হুল গ্ৰেইন, প্ৰচেছড মীট, ৰে’ড মীট আৰু চেনিযুক্ত পানীয় থকা আহাৰৰ কথা কোৱা হৈছে৷ 
২০২১ চনৰ গ্ল’বেল নিউট্ৰিশ্যন ৰিপ’ৰ্টৰ উদ্ধৃতি দি প্ৰতিবেদনখনত কোৱা হৈছে যে ৭১ শতাংশ ভাৰতীয়ই স্বাস্থ্যকৰ আহাৰ খাবলৈ নাপায়৷ এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় গড় ৪২ শতাংশ৷ এজন গড় ভাৰতীয়ৰ আহাৰত ফল-মূল, শাক-পাচলি, দাইল-মাহ [লেগুমছ], বাদামজাতীয় খাদ্য [নাটছ] আৰু হুল গ্ৰেইন নাথাকে৷ মাছ, গাখীৰ, মাংস [ৰে’ড মীট]ৰ পৰিমাণো কম৷ 
খাদ্য আৰু কৃষি সংগঠনৰ মতে, স্বাস্থ্যকৰ আহাৰৰ দাম যদি এজন ব্যক্তিৰ আয়তকৈ ৬৩ শতাংশৰ বেছি হয় তেন্তে সহজসাধ্য নহয় বুলি গণ্য কৰা হয়৷ ভাৰতত ২০ বছৰ আৰু তাৰ ঊধ্বৰ্ৰ প্ৰাপ্তবয়স্কসকলে প্ৰতিদিনে মাত্ৰ ৩৫.৮ গ্ৰাম ফল-মূলহে খাবলৈ পায়৷ 
কিন্তু প্ৰতিদিনে খাব লাগে ২০০ গ্ৰাম৷ সেইদৰে প্ৰতিদিনে মাত্ৰ ১৬৮.৭গ্ৰাম শাক-পাচলিহে খাবলৈ পায়, নিয়ম মতে দিনে খাব লাগে কমেও ৩০০ গ্ৰাম৷ তেওঁলোকে দিনে মাত্ৰ ২৪ দশমিক ৯ গ্ৰাম দাইল-মাহ আৰু মাত্ৰ ৩.২ গ্ৰাম বাদামজাতীয় ফল খাব পাৰে৷ যিমান খাব লাগে তাতকৈ ক্ৰমে ২৫ শতাংশ আৰু ১৩ শতাংশ কম৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here