অভিলেখ : ১৫ মিনিটত ১ লাখ গছপুলি ৰোপণ

0
234

অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ যুটীয়া উদ্যোগত, ৰাইজৰ সহযোগত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৫ জুনত কলিয়াবৰত ১৫ মিনিটৰ ভিতৰত ১ লাখৰো অধিক গছপুলি ৰোপণেৰে অভিলেখ গঢ়া পৰিলক্ষিত হয়৷ 
শ্যামলী শীৰ্ষক অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে স্বাস্থ্য, বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই৷ পুৱা ১০ বাজি ৪৫ মিনিটৰ পৰা ১১ বজাৰ ভিতৰত এই গছপুলি ৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হয়৷ সমগ্ৰ মহকুমাটোক সামৰি ১ লাখৰো অধিক গছপুলি ৰোপণৰ এই বৃহৎ কাৰ্যসূচী কুঁৱৰীটোলস্থিত গান্ধী পথাৰ প্ৰাংগণত শুভাৰম্ভ কৰি মন্ত্ৰী কেশৱ মহন্তই কয় যে আজিৰ দিনটো কলিয়াবৰৰ বাবে এক ঐতিহাসিক দিন৷ 
সমগ্ৰ বিশ্বত এতিয়া গোলকীয় উষ্ণতা বৃদ্ধি তথা জলবায়ুৰ ব্যাপক পৰিৱৰ্তনৰ সময়তে কলিয়াবৰত গ্ৰহণ কৰা এই পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰাৰ লগতে সমগ্ৰ বিশ্ববাসীলৈ এক সুন্দৰ বাৰ্তা কঢ়িয়াই নিব৷ তেওঁ কয় যে আমাৰ চাৰিওপিনে সেউজ আৱৰণখন বৃদ্ধি কৰিব পাৰিলেহে জলবায়ু পৰিৱৰ্তনৰ দৰে জটিল সমস্যাসমূহ প্ৰশমিত কৰাত সহায়ক হ’ব৷ 
উল্লেখ্য যে উক্ত অনুষ্ঠানতে পৰিৱেশ সংৰক্ষণৰ দিশত বিশেষ অৱদান আগবঢ়োৱা অসমৰ দহগৰাকী ব্যক্তিক অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগে ‘পৰিৱেশ মিত্ৰ’ সন্মানেৰে সন্মানিত কৰিব বুলি সদৰী কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে৷ এই কাৰ্যসূচীত অসম বিজ্ঞান-প্ৰযুক্তি বিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ সচিব লয়া মাদুৰী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা, নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাসৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি গছপুলি ৰোপণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here