সাৱধান! নৱজাতকে অত্যধিক কন্দাৰ এয়াই কাৰণ || This is the reason why the newborn cries so much!

0
1019

আপোনাৰ ঘৰত যদি নৱজাতক শিশু আছে, তেন্তে সিহঁতৰ হাঁহি-কান্দোনৰ লগত আপুনি নিশ্চয় ভালকৈয়ে পৰিচিত৷ নৱজাতক শিশুৱে অত্যধিক কন্দাটো স্বাভাৱিক৷ ইয়াত বিশেষ চিন্তা কৰিবলগীয়া একো নাই৷ কিন্তু যদি শিশুটিয়ে দিনত তিনি ঘণ্টাতকৈ বেছি কান্দে বা সপ্তাহত তিনি দিনতকৈ বেছিকৈ কান্দে, সেইটো স্বাভাৱিক নহয়৷ চিকিৎসা বিজ্ঞানৰ ভাষাত এই সমস্যাক Infantile colic বুলি কোৱা হয়৷ এই সমস্যা হ’লে শিশুৱে একেটা সময়তে বিশেষকৈ সন্ধিয়া সময়ত বেছিকৈ কান্দে৷

The lowdown on Colic


Infantile colic-ৰ লক্ষণসমূহ এনেধৰণৰ– শিশু কান্দি কান্দি অস্থিৰ হৈ যায়, শৰীৰৰ ৰং সলনি হৈ যায়, বিশেষকৈ নাক-মুখ ৰঙা হৈ উঠে, হাতৰ মুঠি জোৰকৈ বান্ধি ভৰি দুখন পেটলৈ টানিবলৈ চেষ্টা কৰে, কান্দি কান্দি এটা সময়ত জঠৰ হৈ যায় ইত্যাদি৷ এই সমস্যাৰ সঠিক কাৰণ এতিয়াও জনা হোৱা নাই যদিও চিকিৎসকৰ ধাৰণা শিশুৰ অন্ত্ৰৰ মাজত অস্বাভাৱিক সংকোচন হৈ পেটৰ বিষ হোৱাৰ বাবে শিশুটিয়ে এইদৰে কন্দা-কটা কৰে৷

  • ইয়াৰ লগতে মাতৃগৰাকীয়ে যদি এলাৰ্জি হোৱা খাদ্য খায়, তেন্তে দুগ্ধৰ জৰিয়তে শিশুটিৰ এলাৰ্জিক প্ৰতিক্ৰিয়া হৈ Infantile colic হ’ব পাৰে৷
  • গেছ, বদহজম, কোষ্ঠকাঠিন্য আদি হ’লেও শিশুৱে অতিৰিক্ত কন্দা দেখা যায়৷
  • শিশুটিক যদি সঠিক ভংগীত স্তনপান কৰোৱা নহয়, তেন্তে পেটত বতাহ সোমাই গেছ হৈ Infantile colic হ’ব পাৰে৷
    গতিকে আপোনাৰ শিশুটিৰো যদি এনে সমস্যা আছে, তেন্তে ইয়াক সহজভাৱে নলৈ চিকিৎসকৰ পৰামৰ্শ লওক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here