শীতৰ দিনত সদায় গৰম পানীৰে গা ধোৱে নেকি ? Do you use warm water for bath every day in winter?

0
435
শীত আহিল মানেই পানী চোৱাৰ এলাহ৷ তাতে যদি আকৌ পুৱা উঠিয়েই ঠাণ্ডা পানীৰে স্নান কৰিবলগীয়া হয় তাতকৈ বিৰক্তিকৰ কথা আৰু কি হ’ব পাৰে৷ সেয়েহে শীতকালত বহুতেই গৰম পানীৰে গা ধোৱাটো পচন্দ কৰে৷ পিছে দৈনিক গৰম পানীৰে গা ধোৱাটো উচিতনে? কি কয় বিশেষজ্ঞই জানো আহক৷

(১) অতিৰিক্ত গৰম পানীৰে স্নান কৰিলে ছালৰ আদ্ৰৰ্তা কমে৷ ফলত ছাল শুকান হোৱাৰ সমস্যাই দেখা দিয়ে৷

How to Choose the Best Face Cleanser for Dry Skin | CeraVe


(২) আপোনাৰ ছালখন যদি অধিক সংবেদনশীল হয়, তেন্তে অধিক গৰম পানীৰে গা নুধুব৷ ই আপোনাৰ ছাল ৰঙা পৰা বা এলাৰ্জিৰ সৃষ্টি কৰিব পাৰে৷


(৩) গৱেষণা অনুসৰি দৈনিক আধা ঘণ্টাতকৈ বেছি সময় গৰম পানীৰে স্নান কৰিলে প্ৰজনন ক্ষমতা কমি আহে৷ সেয়েহে যিসকল লোকৰ প্ৰজননৰ সমস্যা আছে, তেওঁলোকক চিকিৎসকে ঠাণ্ডা পানীৰে গা ধোৱাৰ পৰামৰ্শ দিছে৷

The Ups and Downs of Fertility Issues | Giggle Magazine


(8) দৈনিক গৰম পানীৰে গা ধুলে ছাল সোনকালে শোতোৰা পৰাৰ আশংকা থাকে৷


(৫) লগতে স্নান কৰাৰ সময়ত গৰম পানী চুলি ধোৱা কামত ব্যৱহাৰ কৰিলে চুলিৰ গুৰি নৰম হৈ সৰিবলৈ আৰম্ভ কৰে৷

Foods that can help prevent your hair fall


(৬) একেদৰে আপোনাৰ যদি উচ্চ ৰক্তচাপ আৰু হাৰ্টৰ সমস্যা আছে, তেন্তে অধিক গৰম পানীৰে গা নুধুব৷ ই ৰক্তচাপ বৃদ্ধি কৰি আপোনাৰ সমস্যা অধিক বঢ়াইহে তুলিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here