ফল-মূলত থকা ষ্টিকাৰৰ অৰ্থ কি জানেনে ?

0
45


বজাৰৰ পৰা ফল-মূল কিনাৰ সময়ত এই ফলবোৰৰ গাত বেলেগ বেলেগ ধৰণৰ ষ্টিকাৰ থকাটো সকলোৱে প্ৰত্যক্ষ কৰিছে৷ বিভিন্ন ফলৰ গাত এনেকুৱা ষ্টিকাৰ থকা দেখিলে বহুতেই ভাবে যে এই ফলবোৰ গাত থকা ষ্টিকাৰবোৰে গুণগত মানৰ পৰিচায়ক হিচাপে বুজাইছে, আন কিছুমানে আৰু চিন্তা কৰে গাত ষ্টিকাৰ থকা ফলবোৰ বোধহয় বিদেশৰ পৰা আমদানি হোৱা ইত্যাদি৷ কিন্তু ইয়াৰ আচল সত্য কি, অৰ্থাৎ ফলৰ গাত কিয় ষ্টিকাৰ লগোৱা থাকে সেই সম্পৰ্কে কিছু কথা জানো আহক৷
ফুড চেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অব ইণ্ডিয়া বা এফ এছ এছ এ আয়ে কৈছে যে পৃথিৱীৰ বিভিন্ন দেশৰ ফল-মূলত এইধৰণৰ ষ্টিকাৰ ব্যৱহাৰ কৰা হয়, ফলৰ গুণমান, কি ধৰণৰ প্ৰক্ৰিয়াৰে ফলবিধ উৎপাদন কৰা হৈছে তথা ইয়াৰ ক্ৰয় মূল্য আদি বুজাবলৈ৷ এই ছেগতে এটা মজাৰ কথা এই যে ভাৰতত আকৌ এটা দুষ্টচক্ৰই এনে কোনো নিয়ম পালন নকৰি, বৰঞ্চ এইধৰণৰ ষ্টিকাৰ ব্যৱহাৰ কৰে ফলটোৰ খুঁত ঢাকিবলৈ, বা পচা অংশ নেদেখিবলৈহে৷ ইয়ো এটা হাস্যকৰ বিষয়৷ ইয়াৰ লগতে এনেধৰণৰ ষ্টিকাৰ লগোৱা ফলত বিভিন্ন অজুহাত দেখুৱাই চৰা দামত বিক্ৰী কৰাও দেখা যায়৷ বাৰু যিয়েই নহওক কিয়, ফলৰ গাত ষ্টিকাৰ দেখিলে বুলিয়েই যে সেই ফল উন্নত হ’ব, তাৰ কোনো কাৰণ নাই৷ ইফালে বিশেষজ্ঞই ব্যৱহৃত ষ্টিকাৰবোৰ যি আঠাৰে ফলত গাত লগোৱা হয়, তাৰ ওপৰত দৃষ্টি ৰখাৰ বাবে আহবান জনাইছে৷ নহ’লে ৰাসায়নিক মিশ্ৰিত আঠাই আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰাৰ সম্ভাৱনাই বেছি৷
কিন্তু পৃথিৱীৰ সকলো দেশৰ ক্ষেত্ৰত ষ্টিকাৰ লগোৱা মানেই অৰ্থহীন নহয়৷ খাদ্যৰ গুণাগুণ নিৰ্ণায়ক আন্তৰ্জাতিক সংস্থা আই এফ পি এছে কৈছে যে ফলত লগোৱা ষ্টিকাৰত যদি চাৰি সংখ্যাৰ কোনো কোড থাকে, তেনেহ’লে ইয়াৰ অৰ্থ হৈছে ফলটো উৎপাদন কৰোঁতে সাধাৰণ সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা হৈছে৷ ফলত ষ্টিকাৰত থকা কোডৰ সংখ্যা পাঁচ হ’লে অথবা কোডৰ প্ৰথম সংখ্যাটো আঠ হ’লে তাৰ অৰ্থ হ’ল ফলটো জেনেটিকেলী মডিফায়েড বা জিনগত পৰিৱৰ্তনৰ মাধ্যমেৰে ফলবিধ উৎপাদন কৰা হৈছে৷ আনহাতে পাঁচ সংখ্যাৰ কোডৰ যদি ৯ৰে আৰম্ভ হয়, তাৰ অৰ্থ হ’ব সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ফলটো প্ৰস্তুত কৰা হৈছে৷ উল্লেখৰ প্ৰয়োজন যে এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবেহে, অধিক বিস্তাৰিতভাৱে জানিবলৈ সৰ্বদা বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here