শীতকালত গ্লিচাৰিন কেনেদৰে ব্যৱহাৰ কৰিব? How to use glycerine in winter?

0
772
শীতকাল আহিলেই ছালখন ৰুক্ষ আৰু শুকান হ’বলৈ আৰম্ভ কৰে৷ শীতকালত ছালৰ নানা সমস্যাই দেখা দিয়ে৷ এই শুষ্ক ছালখন ভালে ৰাখিবলৈ গ্লিচাৰিন ব্যৱহাৰ কৰা জৰুৰী৷ গ্লিচাৰিন খুব আঠাজাতীয় হোৱা বাবে দিনৰ ভাগত ছালত লগাব নালাগে৷ কিয়নো দিনত ধূলি-বালিৰ মাত্ৰা অত্যধিক থাকে কাৰণে গ্লিচাৰিনে সেইবোৰ আয়ত্ত কৰি লয়৷ ফলত ছালত লাগি ধৰি ছালৰ খজুৱতি, ইৰিটেশ্যন, সহজে আদ্ৰৰ্তা নোহোৱা কৰি অন্য সমস্যাৰহে সৃষ্টি কৰে৷ সেয়েহে ৰাতি শোৱাৰ আগে আগে স্কিন কেয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰা উচিত৷ যাৰ ফলত ছালৰ আদ্ৰৰ্তা ধৰি ৰাখি ছালখন হাইড্ৰেট কৰে৷ সেয়েহে আজি ছালত গ্লিচাৰিন লগোৱাৰ সঠিক পদ্ধতি সম্পৰ্কে আলোচনা কৰা হ’ব৷
The Benefits Of Rose Water On Face | Femina.in

(১) গ্লিচাৰিনে এটা ভাল মেকআপ ৰিমোভাৰ হিচাপে কাম কৰে৷ মেকআপ পৰিষ্কাৰ কৰাৰ কাৰণে ৰিমোভাৰৰ সলনি গ্লিচাৰিন ব্যৱহাৰ কৰিব পাৰে৷ মনত ৰাখিব চকু আৰু ওঁঠত গ্লিচাৰিন ব্যৱহাৰ নকৰিব৷
(২) টোনাৰ হিচাপে গ্লিচাৰিন ব্যৱহাৰ কৰা হয়৷ ইয়াৰ বাবে আধা কাপ গোলাপ জলত কেইটোপালমান গ্লিচাৰিন লৈ ছালখন ভালদৰে পৰিষ্কাৰ কৰিব৷
(৩) গ্লিচাৰিনে ছালৰ প্ৰাকৃতিক মইশ্বৰাইজাৰ হিচাপে কৰে৷ বাদাম তেলৰ সৈতে গ্লিচাৰিন মিহলাই ছালত লগালে ভাল ফল পোৱা যায়৷
(8) ছালখন অত্যন্ত নিস্তেজ হ’লে গ্লিচাৰিনৰ সৈতে এলোভেৰা মাস্ক লগাব পাৰে৷
(৫) ছালখনৰ তাৎক্ষণিক উজ্জ্বলতাৰ বাবে পকা কলৰ লগত গ্লিচাৰিন মিহলাই মুখত লগাওক৷ ২৫ মিনিটমান এই মিশ্ৰণটো লগাই পাছত মুখখন পৰিষ্কাৰকৈ ধুই দিব৷ দেখিব আপোনাৰ মুখখন উজ্জ্বল আৰু মসৃণ হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here