বেয়া কলেষ্টৰেল কিদৰে ধবংস কৰে আলুৰ বাকলিয়ে

0
53


আজিকালি কলেষ্টৰেলৰ সমস্যাত বহুতেই ভোগা দেখা যায়৷ অনিয়ন্ত্ৰিত খোৱা-বোৱা বা খাদ্যাভ্যাস, অপৰিকল্পিত বা খেলিমেলি জীৱন-যাপন আইদৰ কাৰণে শৰীৰত কলেষ্টৰেলৰ মাত্ৰা বাঢ়িব পাৰে৷ শৰীৰত হোৱা কলেষ্টৰেলৰ সমস্যা খুব কম খৰচতে অথবা সহজে পোৱা পদ্ধতিৰে নিয়ন্ত্ৰণ কৰিব বিচাৰিছে যদি তেতিয়াহ’লে এই উপায় ল’ব পাৰে৷ আলু আমাৰ সকলোৰে প্ৰিয় খাদ্য৷ আলু নহ’লে যেন কোনো এখন ব্যঞ্জনেই সম্পূৰ্ণ নহয়৷ আনহাতে ইয়াৰ সোৱাদো অপূৰ্ব সুস্বাদু৷ শৰীৰৰ বেয়া কলেষ্টৰেল নিয়ন্ত্ৰণ তথা নিৰ্মূলৰ বাবে আলু অতি কাৰ্যকৰী খাদ্য৷ অৱশ্যে ইয়াৰ বাবে আপুনি আলু বাকলি সহিতে খাব লাগিব৷ কিয়নো আলুৰ বাকলিৰহে আছে কলেষ্টৰেল নিয়ন্ত্ৰণত অমোঘ শক্তি৷ আলুৰ বাকলিত এণ্টিএক্সিডেণ্ট তথা পলিফেনল, ফাইবাৰৰ দৰে উপকাৰী উপাদান থাকে, যিয়ে কলেষ্টৰেল নিয়ন্ত্ৰণ ৰখাত সহায় কৰে৷ আনহাতে বেয়া কলেষ্টৰেল শৰীৰৰ পৰা বাহিৰ কৰাত আলুৰ বাকলিৰ আছে বিশেষ গুণ৷ মনত ৰাখিব আলু সিদ্ধ, আলুৰ তৰকাৰী, ভাজি যিধৰণেৰে নাখাওক কিয় বাকলি সহিতে খালেহে ইয়াৰ সুফল পাব৷ আনহাতে আলুৰ বাকলিয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে৷ ইয়াত পৰ্যাপ্ত পৰিমাণে আইৰন পোৱা যায়, যিয়ে ৰঙা ৰক্তকণিকাৰ কাৰ্যকাৰিতাক মজবুত কৰাত সহায় কৰে৷ ইয়াৰ উপৰি আলুৰ বাকলিত খনিজ উপাদান থাকে, যিয়ে হাড়ৰ গঠন তথা হাড় মজবুত কৰি ৰখাত সহায় কৰে৷ আনহাতে আলুৰ বাকলি ছালৰ যতন উন্নত ফল দিয়ে৷ চকুৰ তলত বা গলত ক’লা দাগ পৰিলে আলুৰ বাকলিৰ ৰস উলিয়াই লগালে কম সময়তে সুফল পাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here