বেলি ফুলৰ তেলৰ স্বাস্থ্য উপকাৰী গুণ

0
46


বেলি ফুলৰ তেল কেইবা শতিকাৰ আগৰে পৰা খাদ্য ৰন্ধাত ব্যৱহাৰ কৰি অহা হৈছে৷ বেলি ফুলৰ তেলৰ ভালেমান উপকাৰী গুণ আছে৷ ইয়াত থকা ফেটৰ মাত্ৰা যথেষ্ট কম৷ আনহাতে বেলি ফুলৰ তেলত দুই ধৰণৰ ফেটি এচিড থাকে–পলিঅনচেচুৰেটেড ফেটি এচিড [পি এফ এ] আৰু মন’অনচেচুৰেটেড ফেটি এচিড থাকে৷ পি এফ এত ওমেগা-৩ আৰু ওমেগা-৬ থাকে৷ পি এফ এ-ই কলেষ্ট্ৰৰেল আৰু ট্ৰাইগ্লিছৰাইড কম কৰাত সহায় কৰে৷ আনহাতে মন’অনচেচুৰেটেড ফেটি এচিডে হৃৎপিণ্ডৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ বেলিফুলৰ তেলত থকা অলিক এচিড স্বাস্থ্যৰ বাবে উপকাৰী৷ কেইবাটাও অধ্যয়নৰ পৰা জানিব পৰা মতে, ই প্ৰদাহ কম কৰাত সহায় কৰে৷ ইয়াৰ উপৰি প্ৰায় ৭০ শতাংশ অলিক এচিড [মন’আনচেচুৰেটেড অমেগা-৯ ফেটি এচিড] থকা তেলে কৰ’নেৰী হৃদৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ সেয়েহে খাদ্য ৰন্ধাত ব্যৱহাৰ কৰা তেলৰ ক্ষেত্ৰত বেলি ফুলৰ তেল উত্তম বিকল্প বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কয়৷ ই ফলত কলেষ্টৰেল হ্ৰাস কৰাত সহায় কৰে৷ আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ অধ্যয়ন অনুসৰি লিন’লিক এচিডে কৰ’নেৰী হৃদৰোগৰ আশংকা হ্ৰাস কৰাত সহায় কৰে৷ বেলি ফুলৰ তেলেৰে ৰন্ধা খাদ্যত মুঠ কেলৰিৰ ৫-১০ শতাংশ লিন’লিক এচিড থাকে৷ ইয়াৰ লগতে দেহৰ স্নায়ুতন্ত্ৰক সবল কৰাতো সহায় কৰে বেলি ফুলৰ তেলে৷ নিয়মীয়াকৈ বেলি ফুলৰ তেল ব্যৱহাৰে আলঝেইমাৰৰ দৰে ৰোগৰ আশংকা দূৰ কৰে৷ ইয়াত থকা এণ্টিঅক্সিডেণ্টে কেনছাৰৰ আশংকা হ্ৰাস কৰাত সহায় কৰে৷ বিশেষকৈ বেলি ফুলৰ তেলে স্তন কেনছাৰ, প্ৰষ্টেট কেনছাৰ আৰু কল’ৰেক্টল কেনছাৰ প্ৰতিৰোধ কৰাত সহায় কৰে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে৷ কিন্তু বেলি ফুলৰ তেল খোৱাৰ ক্ষেত্ৰত কিছুমান সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন৷ মেদ বহুল লোকে বেলি ফুলৰ তেলেৰে ৰন্ধা খাদ্য কমকৈ খোৱাতো ভাল৷ ইয়াৰ লগতে বেলি ফুলৰ তেল বেছি তপত কৰি খাব নালাগে৷ তেল গৰম কৰাৰ সময়ত ইয়াৰ পৰা ওলোৱা ধোঁৱাত এল্ডিহাইড নামৰ বিষাক্ত পদাৰ্থ থাকে যি কেনছাৰৰ কাৰক৷ বেলি ফুলৰ তেল বেছিকৈ গৰম কৰিলে এই পদাৰ্থ ইয়াতো পোৱা যায়, যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here