মাধমাৰ : বজাৰত পাচলিৰ আকাশলংঘী দাম বৃদ্ধি

0
258

গুৱাহাটীৰ পাচলিৰ বজাৰত প্ৰায় প্ৰতিবিধ সামগ্ৰীৰে আকাশলংঘী দাম বৃদ্ধিয়ে সৰ্বসাধাৰণক ত্ৰাহি মধুসূদন দেখাইছে৷ সম্প্ৰতি মহানগৰীৰ পাচলি বজাৰ মানেই সাধাৰণ জনতাৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে৷ পাচলিৰ যোগান হ্ৰাস পোৱাৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে ব্যাপক হাৰত দাম বৃদ্ধি কৰিছে৷ বহুকেইবিধ পাচলিৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিছে৷  মহানগৰত এতিয়া প্ৰতিবিধ শাক-পাচলিৰ প্ৰকৃত মূল্যতকৈ ব্যৱসায়ীসকলে অধিক বৃদ্ধি কৰি সাধাৰণ গ্ৰাহকক লুণ্ঠন চলাইছে৷ সম্প্ৰতি শাক-পাচলিৰ বজাৰ একাংশ মধ্যভোগীয়ে নিয়ন্ত্ৰণ কৰিছে৷ একাংশ ব্যৱসায়ীয়ে বজাৰত শাক-পাচলিৰ কৃত্ৰিম নাটনিৰো সৃষ্টি কৰিছে৷ মহানগৰৰ বজাৰত এতিয়া জিলা প্ৰশাসন আৰু যোগান বিভাগৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নথকাৰ বাবেই ব্যৱসায়ীসকলে খাদ্য সামগ্ৰীৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি দাম বৃদ্ধি কৰাৰ সুবিধা গ্ৰহণ কৰিছে৷ আলু আৰু পিঁয়াজৰ দাম বৃদ্ধিয়ে গ্ৰাহকক কন্দুওৱাৰ পাছত মহানগৰীৰ খুচুৰা বজাৰত সম্প্ৰতি প্ৰতি কিল’গ্ৰাম বন্ধাকবি ৬০ টকা, স্কোৱাচ ৩০-৪০ টকা, বিলাহী ৬০-৮০ টকা, জিকা ৬০-৮০ টকা, গাজৰ ৮০ টকা, পটল ৭০-৮০ টকা, ভেণ্ডি ৬০-৮০ টকা, তিযঁþহ ৫০- ৬০ টকা, লেচেৰা ৪০-৬০ টকা, বিন ৬০-৮০ টকা, তিতা কেৰেলা ৬০-৮০ টকাকৈ বিক্ৰী হৈছে৷ আনহাতে, সাধাৰণ শ্ৰেণীৰ পাচলিৰ শাৰীত ধৰা মূলা আৰু বেঙেনাৰ মূল্যয়ো এতিয়া ৬০-৮০ টকা হ’লগৈ৷ উল্লেখ্য যে মহানগৰত দীৰ্ঘদিন ধৰি অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান নচলাৰ বাবেই ব্যৱসায়ীয়ে পাচলিৰ মূল্য নিজ ইচ্ছামতে ধাৰ্য কৰাৰ সাহস পাইছে৷ জিলা প্ৰশাসন তথা যোগান বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে বজাৰত স্বেচ্ছাই পাচলিৰ দাম বৃদ্ধি কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here