টাৱাঙৰ নাম অন্তৰ্ভুক্ত হ’ল গীনিজ বুকত : কিয়?

0
342

পথ সুৰক্ষাৰ ক্ষেত্ৰত দেশৰ সকলো অংশই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ কিয়নো পথ দুৰ্ঘটনাৰ হেতু দৈনিক বহুতো লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ পথ সুৰক্ষাৰ বাবে চৰকাৰৰ ফালৰ পৰা বিভিন্ন নীতি-নিয়ম জাৰি কৰা হয় যদিও কাৰ্যক্ষেত্ৰত সেয়া ভালদৰে পালন কৰা নহয়৷ আনহাতে বিভিন্ন ৰাজ্যই ইয়াৰ অংশ হিচাপে অৰ্থাৎ পথ সুৰক্ষা কাৰ্যকৰী কৰাৰ বাবে বিভিন্ন গঠনমূলক কামো লোৱা দেখা যায়৷ পথ সুৰক্ষাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰিবলৈ ২০০০তকৈ অধিক হেলমেটেৰে ‘জয় হিন্দ’ শব্দ দুটাৰ আকৃতি সৃষ্টি কৰা বাবে অৰুণাচলৰ টাৱাং জিলাৰ নাম গীনিজ বুক অব্‌ ৱল্ডৰ্ ৰেকৰ্ড্‌ছত অন্তৰ্ভুক্ত হয়৷ এই আকৃতি সৃষ্টি কৰিবলৈ অৰুণাচলৰ উক্ত সীমান্ত জিলাখনৰ অতি উচ্ছতাৰ গ্যালৱা ছাংগ্যাং গ্যাটছো ষ্টেডিয়ামত মুঠ ২,৩৫০টা হেলমেট ব্যৱহাৰ কৰা হৈছিল৷ উক্ত কাৰ্যসূচীৰ নাম দিয়া হৈছিল ‘লক্ষ্য৷’ এই উপলক্ষে এটা মটৰচাইকেল শোভাযাত্ৰাও উলিওৱা হয়৷ এই শোভাযাত্ৰাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ আৰু চি আৰ পি এফৰ ২০০জন লোকে অংশগ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here