পুৰুষ নে মহিলা বুদ্ধিত প্ৰখৰ কোন ?

0
38


বুদ্ধিত কোন বেছি প্ৰখৰ তথা পুৰুষ নে মহিলা কোন বেছি বুদ্ধিমান এই লৈ নানা প্ৰশ্নৰ উদয় হয়৷ ইয়াৰ উত্তৰত হয়তো কোনেও হাৰ নামানি অনেক পুৰুষ মহিলা তথা স্ত্ৰী-স্বামীৰ মাজত তৰ্কযুদ্ধও হয়৷ ইয়াক লৈয়ে এটা সমীক্ষা প্ৰকাশ পাইছে৷ আচলতে বুদ্ধিমান কোন? শেহতীয়াভাৱে প্ৰকাশিত ভিয়েনাৰ ইন্‌ষ্টিটিউট অব্‌ এপলাইড ছাইক’লজি ইউনিভাৰছিটিৰ এক তথ্য অনুসৰি মহিলাসকল পুৰুষতকৈ বেছি বুদ্ধিমান তথা চালাক৷ আঠ হাজাৰ পুৰুষ তথা মহিলাক লৈ এই গৱেষণা কৰাৰ পাছত এই তথ্য পোহৰলৈ আহে যে পুৰুষতকৈ মহিলাসকল অধিক বুদ্ধিমান৷ আনহাতে মহিলাসকলৰ বুদ্ধিমত্তাক কিদৰে অৱমূল্যায়ন কৰা হয়, তাৰ ওপৰত এটা লেখা লিখিছে চাইনীয়ে৷ তেওঁ কৈছে যে বৈজ্ঞানিকভাৱে প্ৰতিষ্ঠিত যি মহিলা তথা পুৰুষৰ মাজত সাধাৰণ বুদ্ধিমত্তাৰ মাজত গড় হিচাপত কোনো পাৰ্থক্য নাই যদিও এইটোও ঠিক যে পুৰুষৰ তুলনাত মহিলাসকলৰ গড় মস্তিষ্ক কিছু পৰিমাণে সৰু কাৰণ তেওঁলোকৰ গড় আকাৰ কিছু পৰিমাণে সৰু হয়৷ তেওঁ লগতে সদৰী কৰে যে এশ বছৰতকৈও বেছি সময় ধৰি স্নায়ুবিজ্ঞানীয়ে পুৰুষৰ মস্তিষ্কৰ সৈতে মহিলাৰ মস্তিষ্কক তুলনা কৰি মহিলাৰ বুদ্ধিমত্তাৰ প্ৰমাণ পাবলৈ চেষ্টা কৰিছিল আৰু একবিংশ শতিকাত এই প্ৰচেষ্টা সফল হৈছে৷ আনহাতে ভান ডাৰ লিণ্ডেন আৰু তেওঁৰ সহকম¹সকলে ২২ বছৰৰ পৰা ৩৭ বছৰ বয়সীয়া লোকসকলক লৈ বিশদভাৱে এম আৰ আই স্কেন কৰিছিল৷ গৱেষকৰ দলটোৱে এই লোকসকলৰ মস্তিষ্কৰ আয়তন তথা তেওঁলোকৰ ছেৰিব্ৰেল কৰ্টেক্সৰ ক্ষেত্ৰবোৰৰ পৰিমাপ লয়৷ সকলোৰে আই কিউ অ’ৰ পৰিমাপ লোৱাৰ পাছত দেখা পাইছিল যে পুৰুষৰ মস্তিষ্কৰ গড় আয়তন কিছু পৰিমাণে বেছি হোৱাৰ লগতে আই কিউ স্ক’ৰো বেছি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here