বিশ্বত বছৰি কিমান কোটি বাল্য বিবাহ হয় জানেনে ?

0
198

 সাধাৰণতে প্ৰত্যেক দেশতে বিবাহৰ এক নিৰ্দিষ্ট বয়স নিৰ্ধাৰণ কৰা হয়৷ সেই অনুসৰি বিবাহ যোগ্য পাত্ৰ অথবা পাত্ৰীয়ে বিবাহ কাৰ্য সম্পন্ন কৰে৷ কিন্তু বিশ্বৰ কিছুমান ৰাজ্যত বিবাহযোগ্য নৌহওঁতেই ল’ৰা বা ছোৱালীক বিবাহ কৰাই দিয়া নিয়ম আছে৷  মানুহৰ মাজত বিভিন্ন অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ বাল্য বিবাহ কৰাই দিয়া হয় যদিও এইটো এটা অপৰাধ হিচাপে ধৰা হয়৷ য’ত নেকি মহামান্য ন্যায়ালয়েও বাল্য বিবাহ সন্দৰ্ভত নিয়ম প্ৰৱৰ্তন কৰি এই বিবাহৰ বিপক্ষে জনজাগৰণ সৃষ্টি কৰিছে৷ অন্ধবিশ্বাস বাল্য বিবাহক সমাজৰ এক ব্যাধি হিচাপে গণ্য কৰা হয়৷ বিশ্বৰ বিভিন্ন প্ৰান্তত এই সমাজ-বিৰুদ্ধ বিবাহ অতি গোপনে হৈ অহাৰ খবৰ পোৱা যায়৷ শেহতীয়াভাৱে ৰাষ্ট্ৰ
সংঘৰ সংস্থা ইউনিচেফে প্ৰকাশ কৰা এক প্ৰতিবেদনে সকলোকে হতচকিত কৰিছে৷ ইউনিচেফৰ প্ৰতিবেদন মতে সমগ্ৰ বিশ্বত এতিয়াও ১.২ কোটি ছোৱালীৰ বাল্য বিবাহ সম্পন্ন হয়৷ অৰ্থাৎ ছোৱালীৰ ওঠৰ বছৰত ভৰি দিয়াৰ পূৰ্বে বিশ্বত ১.২ কোটি ছোৱালীৰ বাল্য বিবাহ সম্পন্ন হয়৷ আনহাতে দক্ষিণ এছিয়াৰ দেশসমূহৰ ভিৰতৰ ভাৰতত বাল্য বিবাহৰ ঘটনা আগতকৈ এক তৃতীয়াংশ হ্ৰাস পাইছে৷ কিন্তু ভাৰত ৰাষ্ট্ৰ
ৰ আঠখন ৰাজ্যত এতিয়াও বাল্য বিবাহৰ প্ৰচলন হৈ থকাটো এক উদ্বেগজনক বিষয় হিচাপে দেখা দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here