ভাতৰ নিসনিৰে কিদৰে ৰূপচৰ্চা কৰিব ?

0
905

বিনা খৰচত ছালৰ সৌন্দৰ্যচৰ্চা কৰিব বিচাৰে নেকি? তেন্তে ইয়াৰ সমাধানৰ বাবে ভাতৰ মাৰ নিৰ্বাচন কৰক৷ বহুতেই ছাল আৰু চুলিৰ পৰিচৰ্যা কৰাৰ বাবে নিয়মিত পাৰ্লাৰলৈ হৈ অধিক টকা খৰচ কৰে৷ ঘৰুৱা পদ্ধতি অনেক আছে, যিবিলাক পদ্ধতি ব্যৱহাৰ কৰিলে পাৰ্লাৰলৈ যোৱা প্ৰয়োজন নাথাকে৷ ভাতৰ মাৰ বা ইয়াৰ ফেন ৰূপচৰ্চাৰ বাবে অত্যন্ত উপকাৰী উপাদান৷ কিদৰে ভাতৰ মাৰ সৌন্দৰ্যচৰ্চাত ব্যৱহাৰ কৰিব পাৰি, জানো আহক৷
দুচামুচ ভাতৰ মাৰ আৰু এচামুচ মৌ ভালদৰে মিশ্ৰণ কৰি মুখত ভালদৰে লগাওক৷ আধা ঘণ্টামান মুখত ৰখাৰ পাছত পৰিষ্কাৰ ঠাণ্ডা পানীৰে ধুই দিয়ক৷ ছালৰ উজ্জ্বলতা, ছালৰ মসৃণতা আৰু ছালখন কোমল কৰাত এই ফেচপেকে যথেষ্ট সহায় কৰে৷
চাৰি চামুচ ভাতৰ মাৰ, এক চামুচ এলোভেৰা জেল মিশ্ৰণ কৰি এটা পেষ্ট প্ৰস্তুত কৰক৷ তাৰ পাছত এই মিশ্ৰণটো কিছুসময় ফ্ৰীজত ৰাখি ঠাণ্ডা হোৱাৰ পাছত আঙুলিৰে মিশ্ৰণটো মুখত লগাওক৷ কিছু সময় ৰখাৰ পাছত ভালদৰে পৰিষ্কাৰ পানীৰে ধুই দিব৷ এই মিশ্ৰণটো ফেচৱাশ্বৰ কাম কৰে৷
চুলিৰ যত্নত ভাতৰ মাৰ ব্যৱহাৰ কৰিব পাৰে৷ ভাতৰ ফেনৰ লগত নেমুৰ ৰস মিহলাই চুলিত ভালদৰে লগাওক৷ মিশ্ৰণটোৰে চুলিৰ গুৰিবোৰ ভালদৰে মালিচ কৰি পাছত ঠাণ্ডা পানীৰে ছেম্পু কৰি ধুই দিয়ক৷ চুলিৰ ৰুক্ষতা দূৰ কৰাত এই পেকটো অত্যন্ত কাৰ্যকৰী৷ ইয়াৰ বাহিৰেও চুলিৰ আগ ফটা সমস্যা, চুলিকোছা মজবুত কৰি ৰাখিবলৈ এই মিশ্ৰণটো ব্যৱহাৰ কৰিলে সুফল পোৱা যায়৷
ঘৰুৱা উপায়েৰে চুলিৰ ৰং কৰিবলৈ বিচাৰিলে এই ক্ষেত্ৰত ভাতৰ মাৰ ব্যৱহাৰ কৰিব পাৰে৷ ভাতৰ মাৰৰ সৈতে কফিৰ গুড়িৰ এটা মিশ্ৰণ প্ৰস্তুত কৰি ল’ব৷ এতিয়া এই পেকটো কিছু সময়ৰ বাবে চুলিখিনি ভালদৰে লগাই লৈ পাছত চুলিখিনি ছেম্পু কৰি দিব৷ সপ্তাহত কমেও দুবাৰ এইদৰে এই মিশ্ৰণটো লগালে চুলিখিনি বাদামী ৰঙৰ হৈ পৰিব আৰু কৃত্ৰিমভাৱে ৰং কৰাৰ প্ৰয়োজন নাথাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here