সাৱধান ! সুৰাপান কৰি বাহন নচলাব

0
561

ফাকুৱা বা হোলীৰ আনন্দত সুৰা সেৱন কৰি মতলীয়া হৈ গাড়ী চলোৱাসকল সাৱধান হওক৷ কিয়নো এইবাৰ হোলীত সুৰা সেৱন কৰি গাড়ী চলোৱাসকলৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে মহানগৰীৰ লগতে ৰাজ্যৰ পৰিবহণ বিভাগ৷ কামৰূপ জিলা পৰিবহণ বিভাগৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ নেতৃত্বত জিলা পৰিবহণ বিভাগে হোলীত সুৰাপান কৰি বাহন নচলাবলৈ আহ্বান জনাইছে৷ সুৰাপান কৰি বাহন নচলাবৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজপথত বিভিন্ন বেনাৰ, হ’ৰ্ডি আদি লগোৱাও পৰিলক্ষিত হৈছে৷ প্ৰতিবছৰে হোলীৰ আনন্দত মতলীয়া হৈ সুৰাপান কৰি যান-বাহন চলোৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হৈ মৃত্যু হোৱাৰ লগতে আনৰো সৰ্বনাশ কৰে৷ সেয়েহে এনে উৎসৱবোৰৰ গইনা লৈ যাতে সুৰাপান কৰিব নোৱাৰে, তাৰ বাবে পৰিবহণ বিভাগে বিভিন্ন পদক্ষেপ হাতত লৈছে৷ কোনো চালকে সুৰাপীন কৰি গাড়ী বা বাহন চলালে তেনে চালকক আৰক্ষায়ে আটক কৰি আইনগত ব্যৱস্থা হাতত ল’ব৷ ইয়াৰ লগেত বাহনখন জব্দ কৰি জৰিমনা হিবহাৰ লগতে চালকজনৰ লাইচেঞ্চ বাতিল কৰা হ’ব বুলি জিলা পৰিবহণ আয়ুক্তজনে জানিবলৈ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here