হাড় সুস্থ কৰি ৰাখিবলৈ এইবোৰ খাদ্য খাওক

0
248

মানুহৰ বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ বিভিন্ন অংগৰ লগতে হাড় সমস্যাও দেখা দিয়ে৷ হাড়ৰ বিষ, গাঁঠিৰ বিষ বা অন্যান্য সমস্যাই মূৰ দাঙি উঠে৷ বয়স বঢ়াৰ লগে লগে এনেবোৰ সমস্যা হয় যদিও আজিকালি এই সমস্যাবোৰ কম বয়সতো হ’বলৈ আৰম্ভ কৰিছে৷ যদি হাড় সুৰক্ষিত তথা হাড়ৰ স্বাস্থ্য উন্নত হোৱটো বিচাৰে, তেন্তে খাদ্য তালিকাত কিছুমান বিশেষ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগিব, যিয়ে হাড়ক সু¸ৰক্ষা দিয়াৰ লগতে শক্তিশালী কৰাত সহায় কৰে৷
হাড় মজবুত কৰি ৰাখিবলৈ তথা হাড়ৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ এইবোৰ খাদ্যসমূহ নিয়মিতৰূপে খোৱা দৰকাৰ৷ খাদ্যসমূহ হ’ল– কাঠবাদাম, সেউজীয়া শাক, চৰ্বিযুক্ত মাছ, দৈ, জলফাই তেল, কল, কমলা, তিল, ছয়াবিন৷ এই খাদ্যবোৰৰ লগতে কেলচিয়ামৰ এক সমৃদ্ধ উৎস নহয়স কিয়নো সেইবোৰত ফাইটিক এচিড থাকে৷ এইবোৰে কেলচিয়ামৰ গুণাগপণ নাইকিয়া কৰিব পাৰে৷ বহুতো পশুখাদ্যত প্ৰ’টিন খাদ্য যেনে মুৰ্গী বা ছাগলীৰ মাংসই মানুহৰ শৰীৰত কেলচিয়ামৰ পৰিমাণ হ্ৰাস কৰে৷ সেয়েহে তেতিয়া সন্তুলন খাদ্য গ্ৰহণ কৰা প্ৰয়োজন৷ কেতিয়াবা খাদ্য যথেষ্ট নিমখ পোৱা যায় আৰু ই শৰীৰৰ পৰা কেলচিয়াম আঁতৰ কৰে৷ সেয়েহে শৰীৰত ছ’ডিয়াম গ্ৰহণৰ ভাৰসাম্য থকাটো অতি গুৰুত্বপূৰ্ণ৷
হাড় মজবুত আৰু শক্তিশালী কৰি ৰাখিবলৈ এইবোৰ ত্যাগ কৰক ঃ
অত্যধিক সুৰাপান কৰিলে হাড়ৰ বিপদাশংকাৰ কাৰক হ’ব পাৰে৷ আনহাতে চাহ আৰু কফিত পোৱা কেফেইনে কেলচিয়ামৰ অভাৱ হ্ৰাস কৰে৷ সেয়েহে হাড় সুস্থ কৰি ৰাখিবলৈ অত্যধিক চাহ বা কফি খোৱাৰ পৰা বিৰত থাকক৷ পুষ্টিবিদসকলে হাড় মজবুত কৰি ৰাখিবলৈ ভিটামিন ডি৩ গ্ৰহণ কৰাৰ লগতে ব্যায়াম কৰাৰ পৰামৰ্শ আগবঢ়াইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here