বিভিন্ন ৰোগৰ সমাধান আছে হাতৰ এইবোৰ অংশত (These points in the hands are sources of cure for many ailments)

0
596
চিকিৎসা বিজ্ঞানৰ বিভিন্ন ধৰণৰ পদ্ধতিৰ ভিতৰত আকুউপানচাৰ (Acupuncture)অন্যতম৷ আকুউপানচাৰত (Acupuncture) শৰীৰৰ বিভিন্ন অংশৰ কিছুমান গুৰুত্বপূৰ্ণ বিন্দুত হেঁচা প্ৰয়োগ কৰি চিকিৎসা প্ৰদান কৰা হয়৷ আমাৰ শৰীৰত এনেকুৱা কিছুমান প্ৰেছাৰ পইণ্ট থাকে, যাৰ সম্বন্ধ দেহৰ অন্য অংশৰ লগত জড়িত হৈ থাকে৷ সেয়েহে হাত আৰু ভৰিৰ কিছুমান বিন্দুত হেঁচা প্ৰয়োগ কৰি অতি সহজতে শৰীৰৰ বহুতো সমস্যা নিৰ্মূল কৰিব পাৰি৷ তেন্তে জানো আহক কি ৰোগত কোনটো প্ৰেছাৰ পইণ্টত হেঁচা দিব লাগে৷

(১) তৰ্জনী আৰু মধ্যমা আঙুলিৰ তলৰ ফালে পাঁচ মিনিটমান হেঁচিলে চকুৰ বিভিন্ন সমস্যা তথা দৃষ্টিশক্তি উন্নত হয়৷

Pin on Acupressure points


(২) বুঢ়া আঙুলিৰ এক ইঞ্চিমান তলত হেঁচিলে থাইৰয়েডৰ সমস্যা নিৰ্মূল হয়৷

Acupressure points for your first aide kit - Dr. Koop


(৩) মধ্যমা আৰু অনামিকা আঙুলিৰ তলৰফালে হেঁচিলে হাঁওফাঁওজনিত সমস্যা, কফ, এজমা নিৰ্মূল হয়৷


(8) কাণেৰে কম শুনা, কাণৰ অন্যান্য সমস্যাৰ বাবে অনামিকা আঙুলি আৰু কনিষ্ঠা আঙুলিৰ তলফালে হেঁচিব লাগে৷


(৫) তাৰ আৰু অলপ তলত হেঁচিলে হাৰ্ট সুস্থ হৈ থাকে৷ যদি এনেদৰে হেঁচাৰ ফলত আপুনি বিষ অনুভৱ কৰে, তেন্তে গম পাব আপোনাৰ ভিতৰি ভিতৰি হাৰ্টৰ কিছুমান সমস্যা আৰম্ভ হৈছে৷


(৬) কিডনীজনিত সমস্যাৰ বাবে হাতৰ তলুৱাৰ একেবাৰে মাজঅংশত দবাব লাগে৷

See What Happens to Your Body When You Press 12 Key Points


(৭) অনামিকা আঙুলিৰ ওপৰফালে হেঁচিলে স্ত্ৰেচ নিৰ্মূল হয়৷


(৮) একেদৰে আপোনাৰ যদি মূৰৰ বিষ হৈছে তেন্তে দুই চেলাউৰিৰ মাজত হাতৰ আঙুলিৰে চাৰ্কুলাৰ মোশ্যনত মাচাজ কৰক৷

Press Here for 60 Seconds and See What Happens to Your Body - YouTube


(৯) মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষ নিৰাময়ৰ বাবে ভৰিৰ তলুৱাত দুই তিনি মিনিটমান মাচাজ কৰিলে আৰাম পোৱা যায়৷

15 Secret Pressure Points You Never Knew Your Body Had | Best Life


(১০) যদি আপোনাৰ চৰ্দি লাগিছে, তেন্তে চকুৰ তলত তথা নাকৰ অলপ ওচৰত দুইফালে মাচাজ কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here