জনসাধাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কি এই স্বাস্থ্য পৰিচয় পত্ৰ ? Let’s know about the Central Government’s health identity card for the general public.

0
352
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ ছেপ্টেম্বৰত আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ শুভাৰম্ভণি কৰে৷ ইয়াৰ অধীনত প্ৰতিজন লোককে ইউনিক ডিজিটেল হেল্‌থ আই ডি বা একক ডিজিটেল স্বাস্থ্য পৰিচয় নথি প্ৰদান কৰা হ’ব, য’ত থাকিব ব্যক্তিজনৰ স্বাস্থ্যৰ খতিয়ান৷ দেশৰ ডিজিটেল পদক্ষেপসমূহক প্ৰশংসা কৰি মোদীয়ে কয় যে এই দিনটো অতি গুৰুত্বপূৰ্ণ ৷ যোৱা ৭ বছৰত দেশত স্বাস্থ্য সুবিধাবোৰ শক্তিশালী কৰা অভিযানে এক নতুন পৰ্যায়ত প্ৰৱেশ কৰিলে৷ বৰ্তমান আয়ুষ্মান ভাৰত ডিজিটেল মিছন ৬খন কেন্দ্ৰীয়শাসিত প্ৰদেশত পাইলট পৰ্যায়ত কাৰ্যকৰী কৰা হৈ আছে৷ আনহাতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এটা বিবৃতিত কোৱা হৈছে যে নাগৰিকৰ সন্মতিত এই মিছনে নাগৰিকজনৰ দীৰ্ঘদিনীয়া স্বাস্থ্যৰ খতিয়ান পাব পৰা আৰু বিনিময় কৰিব পৰাৰ ব্যৱস্থা কৰিব৷ ইফালে প্ৰধানমন্ত্ৰীয়ে ভাষণত কয় যে আয়ুষ্মান ভাৰত ডিজিটেল মিছনে আমাৰ স্বাস্থ্য সুবিধাসমূহত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ সম্ভাৱনা আছে৷ তেওঁ আৰু কয় দেশৰ জনসাধাৰণে এটা ডিজিটেল হেল্‌থ আই ডি বা ডিজিটেল স্বাস্থ্য পৰিচয় পত্ৰ পাব৷ প্ৰতিজন নাগৰিকৰ স্বাস্থ্য খতিয়ান ডিজিটেলি সুৰক্ষিত কৰা হ’ব৷ তেওঁ আৰু জনায় যে এই অভিযানৰ পৰা দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত আটাইতকৈ বেছি লাভৱান হ’ব৷ মানুহে ম’বাইল এপ্লিকেশ্যনৰ দ্বাৰা তেওঁৰ স্বাস্থ্য খতিয়ান চাব পাৰিব৷ ইয়াৰ উপৰি থাকিব হেল্‌থকেয়াৰ প্ৰফেশ্যনেল ৰেজিষ্ট্ৰি, চমুকৈ HPR আৰু হেল্‌থকেয়াৰ ফেচিলিটিজ ৰেজিষ্ট্ৰীজ চমুকৈ HFR ৷ এই দুটাই আধুনিক আৰু পৰম্পৰাগত দুয়োবিধ ঔষধৰ সকলো স্বাস্থ্যসেৱা প্ৰদান কৰোঁতাৰ ভাণ্ডাৰৰূপে কাম কৰিব৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত বিবৃতিত এই বুলিও কোৱা হৈছে যে এই মিছনে চিকিৎসক, চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰদান কৰোঁতাৰ বাবে ব্যৱসায়ত সুচলতা আনিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here