ৰাতি এইসমূহ কৰিলে ছালৰ সুন্দৰতা বাঢ়ে (Doing these at night enhances the skin’s beauty)

0
528
আপুনি যদি এখন সুন্দৰ, উজ্জ্বল আৰু দাগবিহীন ছালৰ গৰাকী হ’বলৈ বিচাৰিছে, তেন্তে দিনত আৰু ৰাতি শুবলৈ যোৱাৰ আগতে ছালৰ যতন লোৱাটো অতি প্ৰয়োজন৷ যিদৰে দিনৰ ভাগত ব্যৱহাৰ কৰা প্ৰডাক্টবোৰে ছালখন হাইড্ৰেট কৰি ৰখাত আৰু সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা ছালখনক ৰক্ষা কৰে, ঠিক একেদৰে ৰাতি অনুসৰণ কৰা স্কিন কেয়াৰ ৰুটিনেও ছালৰ কোষসমূহ মেৰামতি কৰি ছালখনক সুৰক্ষা প্ৰদান কৰে৷ বিশেষকৈ ৰাতি শুই থকা সময়ত এণ্টিএজিং প্ৰডাক্টবোৰে বেছি ভালকৈ কাম কৰিব পাৰে৷ লগতে ৰাতি ব্যৱহাৰ কৰা প্ৰডাক্টবোৰৰ পৰা প্ৰয়োজনীয় উপাদান ছালে শুহি লোৱাত সহায়ক হয়৷ সেয়েহে ৰাতি ছালৰ যতন লোৱাটো অতি প্ৰয়োজন৷ তাৰ বাবে আপোনালোকে শুবলৈ যোৱাৰ আগতে দৈনিক এইকেইটা কাম কৰিলে সুফল লাভ কৰিব পাৰিব৷

(১) সদায় শুবলৈ যোৱাৰ আগতে মেক্‌আপ আঁতৰাইহে শুব৷ কিন্তু ইয়াৰ বাবে অকল ক্লিনজাৰ আৰু পানীয়েই যথেষ্ট নহয়৷ কিয়নো আজিকালি প্ৰায়ভাগ মেক্‌আপেই ৱাটাৰপ্ৰুফ আৰু লংলাষ্টিং হয়, যাৰ বাবে হয়তো অকল ক্লিনজাৰে আপোনাৰ ছালখন পৰিষ্কাৰ নকৰিবও পাৰে৷ সেয়েহে নাৰিকল তেল নাইবা অলিভ অইলেৰে মুখখন মাচাজ কৰি কপাহেৰে মচি দিব লাগে৷


(২) এইদৰে মেকআপখিনি আঁতৰোৱাৰ পাছত ফেশ্বৱাছ কৰি কুহুমীয়া পানীৰে ধুই দিব৷


(৩) এনেদৰে কৰি উঠি মুখখনত ট’নাৰ লগাব নাপাহৰিব৷ ফেশ্বৱাছ কৰাৰ পাছত মুখখনৰ পৰা সকলো তেল আঁতৰি যোৱাত পুনৰ ছালখন হাইড্ৰেট কৰিবলৈ এলকহলবিহীন ট’নাৰ ব্যৱহাৰ কৰা উচিত৷

Build Your Skin Care Routine - Thai-Me Spa


(8) ইয়াৰ পাছত ছিৰাম মুখত লগাব৷ ছিৰামে মুখত পৰা বয়সৰ চাপ প্ৰতিৰোধ কৰি ছালখন উজ্জ্বল কৰে৷


(৫) মুখখনৰ যতন লওঁতে চকুকেইটাৰ কথা নাপাহৰিব৷ চকু ফুলি উঠা আৰু চকুৰ তলত পৰা ৰিংকল দূৰ কৰিবলৈ ৰাতি শুবলৈ যোৱাৰ আগতে Eye cream ব্যৱহাৰ কৰাটো আৱশ্যক৷


(৬) একেবাৰে শেষত ছালখনত মইশ্বৰাইজাৰেৰে মালিচ কৰিব৷ অৱশ্যে ৰাতি ব্যৱহাৰ কৰা মইশ্বৰাইজটো দিনত ব্যৱহাৰ কৰা মইশ্বৰাইজৰ দৰে একে হ’ব নালাগে৷
ইয়াৰ লগেত পৰ্যাপ্ত পৰিমাণৰ টোপনি আপোনাৰ ছালখনৰ বাবে অতি প্ৰয়োজন৷ যাতে আপুনি ব্যৱহাৰ কৰা প্ৰডাক্টবোৰে ৰাতি ভালকৈ কাম কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here