ফেব্ৰুৱাৰীৰ পৰা শিশুৰ ক’ভিড ভেক্‌চিন

0
1316

ভাৰতত ফেব্ৰুৱাৰী মাহত ১২-১৪ বছৰীয়া শিশুক ক’ভিড-১৯ ভেক্‌চিন দিয়াৰ অভিযান আৰম্ভ হ’ব৷ সেই সময়লৈ ১৫-১৮ বছৰীয়া কিশোৰ-কিশোৰীসকল সম্পূৰ্ণভাৱে ভেকচিন পোৱাৰ সম্ভাৱনা আছে৷ ক’ভিড-১৯ৰ কৰ্মগোট টিকাকৰণৰ ৰাষ্ট্ৰীয় কাৰিকৰী উপদেষ্টা গোটৰ (এন টি এ জি আই) অধ্যক্ষ ডাঃ এন কে অৰোৰাই এই কথা জনায়৷ এক তথ্য মতে ১৫-১৮ বছৰীয়া ৭.৪ কোটি ছাত্র-ছাত্ৰীৰ ৩.৪৫ কোটিতকৈ অধিকে ক’ভেক্সিনৰ প্ৰথম পালি পালে আৰু দ্বিতীয় পালি ২৮ দিনৰ পাছত ল’ব পাৰিব৷ ১৫-১৮ বছৰীয়া কিশোৰ-কিশোৰীৰ সকলোৱে জানুৱাৰীৰ শেষলৈকে প্ৰথম পালি ভেক্‌চিন লোৱা হৈ যাব৷ তাৰ পাছত ফেব্ৰুৱাৰীৰ শেষত তেওঁলোকক দ্বিতীয় পালি ভেক্‌চিন দিয়া শেষ হ’ব বুলি আশা কৰা হৈছে৷ ইয়াৰ পাছতে ফেব্ৰুৱাৰী মাহতে ১২-১৪ বছৰীয়া শিশুৰ টিকাকৰণ অভিযান আৰম্ভ হ’ব৷ এই বয়সীয়া ৭.৫ কোটি শিশু আছে বুলি অনুমান কৰা হৈছে৷ বৰ্তমান ১২-১৪ বছৰীয়া শিশুৰ বাবে কেন্দ্ৰীয় চৰকাৰে দুটা ভেক্‌চিনৰ অনুমোদন জনাইছে। সেই দুটা হ’ল– ভাৰত বায়’টেকৰ ক’ভেক্সিন আৰু জায়ডাছ কেডিলাৰ জায়কভ-ডি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here