বাচমতি চাউলক বিশ্বৰ ভিতৰত সকলোতকৈ উত্তম চাউল স্বীকৃতি

0
36

টেষ্ট এটলাছ অত্যন্ত জনপ্ৰিয় ফুড আৰু ভ্ৰমণ গাইড হিচাপে পৰিচিত৷ এই সংস্থাটোৱে ভাৰতৰ এবিধ চাউলক বিশ্বৰ সকলোতকৈ উত্তম চাউল হিচাপে স্বীকৃতি দিছে৷ সমগ্ৰ বিশ্বৰ ভিতৰতে এই চাউলৰ স্বীকৃতি প্ৰদানে আশাৰ বাতৰি আনিছে৷ উল্লেখ্য যে ২০২৩-২৪ চনত ভাৰতৰ এই চাউলবিধক টেষ্ট এটলাছে সকলোতকৈ উত্তম বুলি উল্লেখ কৰিছে৷ সাধাৰণতে বাচমতি চাউল দেখিবলৈ দীঘল ধৰণৰ হয়৷ এই চাউল মূলতঃ ভাৰত আৰু পাকিস্তানত উৎপাদন হয়৷ বাচমতি প্ৰধানকৈ সুগন্ধিৰ কাৰণে বিশ্বত সমাদৃত৷ ৰন্ধাৰ সময়ত এই চাউলবিধ এটা এটা হৈ পৰে, ইটো চাউল লগত সিটো চাউল লগ নালাগে৷ দেখিবলৈও বেছ এই চাউলবিধ অলপ হালধীয়া সোণালী ৰঙৰ হয়৷ ভাৰতত প্ৰায় ৩৪ বিধৰ বাচমতি চাউল আছে৷ তাৰ ভিতৰত বাচমতি ২১৭, বাচমতি ৩৭০, দেৰাদুন বাচমতি চাউল, পাঞ্জাব বাচমতি ১, পুচা বাচমতি ১, কস্তুৰি, হাৰিয়ানা বাচমতি ১, মাহি সুগন্ধা, তাৰাওৰি বাচমতি, ৰনবীৰ বাচমতি. বাচমতি ৩৮৬ আদি বিশেষভাৱে জনপ্ৰিয়৷ উল্লেখ্য যে ভাৰতৰ বাচমতি চাউল বিশ্বৰ ভিতৰতে প্ৰথম স্থান লাভ কৰাৰ তালিকাত ইটালিৰ আৰবোৰি আছে দ্বিতীয় স্থানত৷ পৰ্তুগালৰ কাৰোলিনো চাউল আছে ইয়াৰ পাছতে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here