১০০ শতাংশ ভেক্‌চিনেশ্যন নহ’লে নতুন ভেৰিয়েণ্টৰ উত্থান ঘটিব : ৰাষ্ট্ৰসংঘ

0
405

২০২২ চনটোক ‘পুনৰুদ্ধাৰৰ সঠিক সময়’ কৰিবৰ বাবে বিশ্বৰ নেতাসকলক আহ্বান জনাই ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে কয় যে ক’ভিড-১৯ মহামাৰীক সমতা আৰু পক্ষপাতিত্বহীনতাৰে ভেটিব লাগিব৷ তেওঁ সতৰ্ক কৰি দিয়ে যে প্ৰতিজন লোকক ভেক্‌চিন দিয়াত বিফল হ’লে নতুন ভেৰিয়েণ্টৰ উত্থান ঘটিব যি দৈনিক জীৱনযাত্ৰা আৰু অৰ্থনীতিক এটা স্থবিৰতালৈ আনিব৷ ২০২২ ৱ’ল্ডৰ্ ইক’নমিক ফ’ৰামৰ উদ্বোধনী অনুষ্ঠানত গুটেৰেছে কয় যে যোৱা দুটা বছৰে এটা সৰল অথচ নৃশংস সত্য প্ৰদৰ্শন কৰিলে–যদি আমি কাৰোবাক এৰি থৈ আহোঁ, আমি সকলোকে এৰি থৈ আহোঁ৷ ২০২২ চনটোক ‘পুনৰুদ্ধাৰৰ সঠিক সময়’ কৰিবৰ বাবে বিশ্বৰ নেতাসকলক আহ্বান জনায়৷ অৰ্থনীতি, মানুহ আৰু পৃথিৱীৰ বাবে ‘সাংঘাতিক কঠিন’ এক কালৰ ছাঁত বিশ্বৰ এই অনুষ্ঠানটো অনুষ্ঠিত হোৱা বুলি উল্লেখ কৰি গুটেৰেছে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক, বিশেষকৈ বিশ্বৰ ব্যৱসায়ক কয় যে আগন্তুক বৰ্ষটোত পুনৰুদ্ধাৰ আৰু অৰ্থনৈতিক পুনৰুৎসাহৰ বাবে আমি কাম কৰিব লাগিব৷ তেওঁ যোৱা দুবছৰ ৩০৪ মিলিয়নতকৈ অধিক লোকক সংক্ৰমিত কৰা আৰু ৫.৪ মিলিয়ন লোকক হত্যা কৰা ক’ভিড-১৯ মহামাৰীৰ সৈতে সমতা আৰু পক্ষপাতহীনভাৱে যুঁজ দিয়াত গুৰুত্ব দিয়ে৷ গুটেৰেছে দুখ প্ৰকাশ কৰে যে টিকাকৰণৰ হাৰ উচ্চ-আয়ৰ দেশত আফ্ৰিকীয় দেশতকৈ সাত গুণ বেছি৷ তেওঁ কয় যে যদি আমি প্ৰতিজন লোককে ভেক্‌চিন দিয়াত বিফল হওঁ, আমি নতুন ভেৰিয়েণ্টৰ উত্থান ঘটাত সহায় কৰিম, যিটো সীমা পাৰ হৈ সমগ্র পৃথিৱীতে পুনৰ বিয়পি পৰিব আৰু দৈনিক জীৱনযাত্ৰা আৰু অৰ্থনীতি স্থবিৰ কৰি তুলিব৷ 

LEAVE A REPLY

Please enter your comment!
Please enter your name here