ভাৰতত ফেব্ৰুৱাৰী মাহত ১২-১৪ বছৰীয়া শিশুক ক’ভিড-১৯ ভেক্চিন দিয়াৰ অভিযান আৰম্ভ হ’ব৷ সেই সময়লৈ ১৫-১৮ বছৰীয়া কিশোৰ-কিশোৰীসকল সম্পূৰ্ণভাৱে ভেকচিন পোৱাৰ সম্ভাৱনা আছে৷ ক’ভিড-১৯ৰ কৰ্মগোট টিকাকৰণৰ ৰাষ্ট্ৰীয় কাৰিকৰী উপদেষ্টা গোটৰ (এন টি এ জি আই) অধ্যক্ষ ডাঃ এন কে অৰোৰাই এই কথা জনায়৷ এক তথ্য মতে ১৫-১৮ বছৰীয়া ৭.৪ কোটি ছাত্র-ছাত্ৰীৰ ৩.৪৫ কোটিতকৈ অধিকে ক’ভেক্সিনৰ প্ৰথম পালি পালে আৰু দ্বিতীয় পালি ২৮ দিনৰ পাছত ল’ব পাৰিব৷ ১৫-১৮ বছৰীয়া কিশোৰ-কিশোৰীৰ সকলোৱে জানুৱাৰীৰ শেষলৈকে প্ৰথম পালি ভেক্চিন লোৱা হৈ যাব৷ তাৰ পাছত ফেব্ৰুৱাৰীৰ শেষত তেওঁলোকক দ্বিতীয় পালি ভেক্চিন দিয়া শেষ হ’ব বুলি আশা কৰা হৈছে৷ ইয়াৰ পাছতে ফেব্ৰুৱাৰী মাহতে ১২-১৪ বছৰীয়া শিশুৰ টিকাকৰণ অভিযান আৰম্ভ হ’ব৷ এই বয়সীয়া ৭.৫ কোটি শিশু আছে বুলি অনুমান কৰা হৈছে৷ বৰ্তমান ১২-১৪ বছৰীয়া শিশুৰ বাবে কেন্দ্ৰীয় চৰকাৰে দুটা ভেক্চিনৰ অনুমোদন জনাইছে। সেই দুটা হ’ল– ভাৰত বায়’টেকৰ ক’ভেক্সিন আৰু জায়ডাছ কেডিলাৰ জায়কভ-ডি৷
ফেব্ৰুৱাৰীৰ পৰা শিশুৰ ক’ভিড ভেক্চিন
By Health Plus
440
Next articleৰাজ্যত হ্ৰাস পাইছে ক’ভিড সংক্ৰমণ
RELATED ARTICLES
৮০০ কোটি বছৰৰ আগৰ ৰেডিঅ’ সংকেত আৱিষ্কাৰ ভাৰতীয় বিজ্ঞানীৰ!
Health Plus - 0
মহাকাশত পুনৰ চমক সৃষ্টি কৰিলে ভাৰতীয় বিজ্ঞানীয়ে৷ মঙল গ্ৰহৰ তৰংগৰ স্ৰোত আৱিষ্কাৰৰ সময়ত ৮০০ কোটি বছৰ আগৰ ৰেডিঅ’ সংকেত ধৰা পেলাবলৈ সমৰ্থ...
প্ৰকৃতিৰ জামাদাৰখ্যাত শগুনৰঅস্বাভাৱিক মৃত্যু ঃ ক’ত?
Health Plus - 0
পক্ষীকুল ৰক্ষা কৰাৰ সময়তে শিৱসাগৰত এজাক পক্ষীকুলৰ নিধনত ব্যথিত হৈছে প্ৰকৃতিপ্ৰেমী৷ প্ৰকৃতিৰ চাফাই কৰ্মীৰূপে খ্যাত আকাশ শুৱনি কৰা এজাক শগুন শিৱসাগৰ নগৰৰ...
বুকিং আৰম্ভ বিশ্বৰ প্ৰথমখনউৰন্ত মটৰচাইকেলৰ
Health Plus - 0
বাইক বা মটৰচাইকেল সকলোৱে দেখিছে বা কেনেদৰে চলে সেয়াও সকলোৰে জ্ঞাত৷ পথ ৰাস্তাত চলা মটৰচাইকেল সকলোৱে দেখিব, কিন্তু উৰিব পৰা মটৰ চাইকেল...
Most Popular

অন্তঃসত্ত্বা মহিলাক ৩৩ সপ্তাহৰ পাছতগৰ্ভপাত কৰোৱাৰ অনুমতি ন্যায়ালয়ৰ
অন্তঃসত্ত্বা অৱস্থাত যিকোনো সময়ত কোনো সমস্যা দেখা দিয়ে, তেন্তে ভ্ৰূণৰ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ শেহতীয়াকৈ এক খবৰ মতে ২৯ সপ্তাহৰ এগৰাকী...