চিলিত স্থাপন কৰা হৈছে বিশ্বৰ সৰ্ববৃহৎ কেমেৰা

0
48


উত্তৰ চিলিৰ মৰুভূমিত থকা পাহাৰৰ ওপৰত ভালেমান ডিস্ক তথা দূৰবীণ আছে, যাৰ জৰিয়তে জ্যোতিৰ্বিদসকলে মহাকাশত থকা গ্ৰহ-নক্ষত্ৰবোৰ নিৰীক্ষণ কৰি থাকে৷ সেই স্থানতে এতিয়া বিশ্বৰ ভিতৰত সৰ্ববৃহৎ ডিজিটেল কেমেৰাটো স্থাপন কৰি থকা হৈছে৷ এই কেমেৰাটোৱে জ্যোতিৰ্বিদসকলক বিশ্বব্ৰহ্মাণ্ডৰ সম্পৰ্কত অধ্যয়ন কৰাত সহায় কৰিব৷ চিলিৰ ভেৰা চি ৰুবিন নিৰীক্ষণ কেন্দ্ৰৰ বিজ্ঞানীসকলে এইবুলি আশা প্ৰকাশ কৰিছে পাহাৰটোৰ ওপৰত থকা এটা দূৰবীণত এই এখন গাড়ীৰ সমান আকাৰৰ ডিজিটেল কেমেৰাটো স্থাপন কৰাৰ পাছত বিশ্বব্ৰহ্মাণ্ডক সূক্ষ্মভাৱে অধ্যয়ন কৰাত সহায় কৰিব৷ ২.৮ মেট্ৰিক টন ওজনৰ ই এটা অত্যাধুনিক ডিজিটেল কেমেৰা৷ তেওঁলোকে প্ৰকাশ কৰা অনুসৰি এই কেমেৰাটোৰ সহায়ত বিশ্বব্ৰহ্মাণ্ডৰ পূৰ্বতে দেখা নোপোৱা স্থানসমূহৰ বিষয়ে তথ্য লাভ কৰিব পৰা যাব৷ আন কথাত এনে স্থানবোৰো এই ডিজিটেল কেমেৰাটোৰ সহায়ত দেখিবলৈ পোৱা যাব৷ এই কেমেৰাটো নিৰ্মাণ কৰোঁতে ব্যয় হৈছে প্ৰায় ৬৬৪১.১৮ কোটি টকা আৰু আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই ইয়াৰ বাবে পুঁজিৰ যোগান ধৰিছে৷ ২০২৫ চনত এই কেমেৰাটোৱে প্ৰথম ফটো তুলিব৷ এই কেমেৰাটোৱে প্ৰতি তিনিদিনৰ মূৰে মূৰে মহাকাশখনত চৌদিশে চকু ফুৰাব আৰু ইয়াৰ পৰা লাভ কৰা তথ্য তথা ফটো বিজ্ঞানীসকলে বিশ্লেষণ কৰিব৷ এই কেমেৰাটোৱে ৩,২০০ মেগা পিক্সেলৰ ফটো তুলিব পাৰিব৷ চিলিৰ ছ’চাইটি অব্‌ এষ্ট্ৰনমীৰ মুৰব্বী ব্ৰুনো ডিয়াডে কয়, ‘গৱেষকসকলে এতিয়ালৈকে এটা নক্ষত্ৰহে অধ্যয়ন কৰিছিল আৰু ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰে, কিন্তু এই কেমেৰাটোৰ সহায়ত একে সময়তে কেইবা হাজাৰ নক্ষত্ৰক অধ্যয়ন কৰাৰ সুবিধা লাভ কৰিব৷’ এই নিৰীক্ষণ কেন্দ্ৰটো চিলিৰ ৰাজধানী ছাণ্টিয়াগোৰ পৰা ৫৬০ কিল’মিটাৰৰ উত্তৰৰ থেৰো পাচো পাহাৰত ২,৫০০ মিটাৰ উচ্চতাত আছে৷ এই নিৰীক্ষণ কেন্দ্ৰটোৰ ব্যৱস্থাপনাৰ দায়িত্বত আছে আমেৰিকাৰ গৱেষণা কেন্দ্ৰ নয়েৰলেব৷ কেন্দ্ৰটোৰ এগৰাকী উচ্চপদস্থ বিষয়াই কয় যে এই কেমেৰাটোৱে মহাকাশ বিজ্ঞানৰ জগতখনলৈ যুগান্তকাৰী পৰিৱৰ্তন আনিব৷ এই কেমেৰাটোৱে সমগ্ৰ মহাকাশৰ দহ বছৰৰ সমীক্ষা কৰিব৷ ইয়াক লিগেছী ছাৰ্ভে অব্‌ স্পেচ এণ্ড টাইম [এল এছ এছ টি] বুলি কোৱা হয়৷ এই সমীক্ষাৰ জৰিয়তে প্ৰায় ২ কোটি তাৰকাৰাজ্য, ১৭০ কোটি নক্ষত্ৰ আৰু ৬০ লাখ আন মহাকাশীয় পিণ্ডৰ বিষয়ে তথ্য লাভ কৰিব পৰা যাব বুলি বিজ্ঞানীসকলে আশা প্ৰকাশ কৰিছে৷ ইয়াৰ লগতে আমাৰ হাতীপটি তাৰকাৰাজ্যৰ এখন নক্সা প্ৰস্তুত কৰিব পৰা যাব আৰু ডাৰ্ক মেটাৰৰ সম্পৰ্কেও তথ্য লাভ কৰিব পৰা যাব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে৷ ৩,২০০ মেগাপিক্সেলৰ এই কেমেৰাটো নিৰ্মাণ কৰা হৈছিল কেলিফ’ৰ্নিয়াত৷ বৰ্তমান বিশ্বৰ আটাইতকৈ শক্তিশালী ৮৭০ মেগাপিক্সেলৰ কেমেৰা হাইপাৰ ছুপ্ৰীম-কেম জাপানত আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here