ৰাজ্যত হ্ৰাস পাইছে ক’ভিড সংক্ৰমণ

0
1045

ৰাজ্যত ক্ৰমাৎ ক’ভিডৰ সংক্ৰমণ হ্ৰাস পাবলৈ ধৰিছে৷ চৰকাৰৰ কঠোৰ ক’ভিড বিধিৰ পাছত ক্ৰমান্বয়ে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷ আনহাতে ক’ভিডত আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পালেও স্বাস্থ্য বিভাগ ইয়াক লৈ উদ্বিগ্ন নহয়৷ ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকল অন্য গুৰুতৰ ৰোগত আক্ৰান্ত হৈ থকাৰ লগতে মৃত্যুমুখত পৰা অধিকাংশ লোকেই ক’ভিডৰ ভেক্‌চিন লোৱা নাছিল৷ ইফালে চলিত বৰ্ষত এইপৰ্যন্ত ৰাজ্যত মুঠ ৮৪ সহস্ৰাধিক লোক ক’ভিডত আক্ৰান্ত হৈছে৷ আনহাতে ৰাজ্যত ক্ৰমাৎ ক’ভিডৰ সংক্ৰমণ হ্ৰাস পাই আহিছে৷ সংক্ৰমণৰ হাৰ প্ৰায় ১৩ শতাংশ স্পৰ্শ কৰাৰ পাছত ক্ৰমাৎ হ্ৰাস পাই সম্প্ৰতি এই হাৰ ৮ শতাংশ পাইছে৷ ইফালে সৰ্বাধিক সংক্ৰমণ হোৱা কামৰূপ মহানগৰ জিলাতো ক্ৰমাৎ আক্ৰান্তৰ সংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিছে৷ দৈনিক ২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত হোৱা কামৰূপ মহানগৰ জিলাত যোৱা দুুদিনত দৈনিক আক্ৰান্তৰ সংখ্যা এহাজাৰৰ তললৈ আহিছে৷ আনহাতে জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই কয় যে সম্প্ৰতি চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসাধীন ৰোগীৰ সংখ্যা ২০০-ৰ তললৈ নামি আহিছে৷ কভিড ৱাৰ্ডত ১৩৪জন লোক চিকিৎসাধীন হৈ আছে৷ পেয়িং কেবিনত ৯জন লোক চিকিৎসাধীন হৈ আছে৷ ২০০ বিছনাযুক্ত বিশেষ আই চি ইউত এজনো লোক সম্প্ৰতি চিকিৎসাধীন হৈ থকা নাই৷ কিন্তু চিকিৎসালয়ৰ স্থায়ী ভৱনৰ আই চি ইউত ২০জন ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে৷ অতি কমেও আৰু এমাহ যদি জনসাধাৰণ সজাগ আৰু সাৱধান হৈ থাকে, তেনেহ’লে ৰাজ্যই ক’ভিডৰ তৃতীয় ঢৌৰ ভয়াৱহতা অতিক্ৰম কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ সদৰী কৰে৷ মাৰ্চ মাহত ৰাজ্যত ক’ভিডৰ সংক্ৰমণ একেবাৰে কম হৈ যোৱাৰ সম্ভাৱনা থকা বুলিও তেওঁ সদৰী কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here