ডাঃ অৰিজিত ৰুমো বৰুৱালৈ দেশৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ গৱেষণা-পত্ৰ বঁটা

0
494

সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ স্নাতকোত্তৰ গৱেষণা পত্ৰৰ বঁটা লাভ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চিকিৎসক অৰিজিত ৰুমো বৰুৱাই সফলতা লাভ কৰাৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ জে এম চি এইচৰ শল্য চিকিৎসা বিভাগৰ চিকিৎসক ডাঃ বৰুৱাক তেওঁৰ গৱেষণাৰ বাবে Indian Association of Gastrointestinal Endo Surgeons-এ শ্ৰেষ্ঠ স্নাতকোত্তৰ গৱেষণা-পত্ৰ বঁটা প্ৰদান কৰে৷ চিকিৎসকগৰাকীয়ে A comparative Study between Conventional laparoscopic cholecystectomy and mini clipless laparos copic cholecystectomy বিষয়ত গৱেষণা পত্ৰৰ বাবে এই বঁটা লাভ কৰে৷ 
চিকিৎসকগৰাকীৰ পৰা জানিব পৰা মতে, mini clipless laparoscopic cholecystectomy) হৈছে লেপাৰস্ক’পিৰ সহায়ত গলব্লাডাৰ অস্ত্ৰোপচাৰ কৰা এটা পদ্ধতি৷ এই গৱেষণাৰ জৰিয়তে গলব্লাডাৰৰ অস্ত্ৰোপচাৰৰ প্ৰচলিত পদ্ধতিৰ লগত এই পদ্ধতিৰ পাৰ্থক্য আছে নে আৰু কি কি দিশত পাৰ্থক্য আছে, সেই বিষয়ে গৱেষণা কৰা হৈছে৷ 
উল্লেখ্য যে সৰ্বভাৰতীয় লেপস্ক’পিক সংস্থা ইণ্ডিয়ান এছ’চিয়েশ্যন অব্‌ গেষ্ট্ৰ’ইনটেষ্টিনেল ইনডো ছাৰ্জনছে দেশৰ বিভিন্ন ঠাইৰ চিকিৎসা প্ৰতিষ্ঠানসমূহৰ শল্য চিকিৎসাৰ গৱেষণা পত্ৰসমূহৰ পৰা মূল্যাংকনৰ বাবে প্ৰথমে ১৪খন পত্ৰ নিৰ্বাচন কৰে৷ চূড়ান্ত ৰাউণ্ডত নিৰ্বাচিত হোৱা প্তখন গৱেষণা পত্ৰৰ পৰা যোৰহাটৰ চিকিৎসকগৰাকীৰ গৱেষণা পত্ৰখনে শ্ৰেষ্ঠতা লাভ কৰে৷ 
অন্ধ্ৰ প্ৰদেশৰ ৰজাহমুন্দ্ৰীত অনুষ্ঠিত হোৱা আই এ জি ই এছৰ ১৯ সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশনৰ এক বৰ্ণাঢ্য অনুষ্ঠানত ডাঃ অৰিজিত ৰুমো বৰুৱাক এই বঁটা প্ৰদান কৰা হয়৷ চিকিৎসকগৰাকীয়ে এই গৱেষণা ডাঃ নৰেন্দ্ৰ নাথ গাংগুলী, ডাঃ মানৱ গোহাঁই আৰু ডাঃ নীলোৎপল বৰাৰ তত্ত্বাৱধানত সম্পাদন কৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here