১৭ হাজাৰ ফুট উচ্চতাত পালন কৰিলে যোগ দিৱস

0
311

আজি অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস৷ এই যোগ দিৱস সমগ্ৰ বিশ্বতে পালন কৰা হয়৷ পুৱাৰ পৰা চৰকাৰীভাৱে বা বিদ্যালয়, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আদি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰে৷ আসন-প্ৰাণায়াম, চাইকেল ৰেলী, শোভাযাত্ৰা আদি বিভিন্ন ধৰণে এই দিৱস পালিত হৈছে৷ 
কিন্তু শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ই সকলোকে আচৰিত কৰিছে৷ এই দুঃসাহসিক কাৰ্যত সকলোৰে পৰা প্ৰশংসিতও হৈছে৷ আজিৰ যোগ দিৱসত চামিল হৈছে ভাৰতীয় সেনাৰ ইণ্ডো-তিব্বত ব’ৰ্ডাৰ পুলিচ চমুকৈ আই টি বি পিৰ জোৱানসকলো৷ 
আই টি বি পিৰ জোৱানে ১৭ হাজাৰ ফুট উচ্চতাত, য’ত অক্সিজেন পৰিমাণ যথেষ্ট কম, সেই ঠাইত আজি যোগ দিৱস পালন কৰাত সকলোৱে ভূয়সী প্ৰশংসা কৰে৷ উল্লেখ্য যে লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম, অৰুণাচল প্ৰদেশসহ ভাৰত-চীন সীমান্তৰ হিমালয়ৰ বিভিন্ন উচ্চতাত বহু বছৰ ধৰি এইদৰে যোগৰ প্ৰয়োজনীয়তাৰ প্ৰচাৰ কৰি আহিছে৷ আনহাতে আগতে হিমালয়ৰ ১৬ হাজাৰ ফুট, উত্তৰাখণ্ডৰ ১৬ হাজাৰ ফুট উচ্চতাৰ পৰা যোগ দিৱস পালন কৰিছিল যদিও এইবাৰ ১৭ হাজাৰ ফুট উচ্চতাৰ পৰা যোগ দিৱস পালন কৰি চৰ্চা লাভ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here