সুখবৰ : ইনজেক্‌শ্যনৰ জৰিয়তে ধবংস হ’ব মাৰাত্মক এইচ আই ভি

0
324

সমগ্ৰ বিশ্বত এইডছ ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এই মাৰাত্মক ব্যাধিয়ে কেউদিশে এতিয়া ছানি ধৰিছে৷ এইডছ ৰোগ নিৰ্মূলৰ হকে চিকিৎসা বিজ্ঞানত বিভিন্ন গৱেষণা চলি আছে যদিও সফল হ’ব পৰা নাই৷ শেহতীয়াভাৱে এক খবৰে এইডছ ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত আশাৰ বতৰা কঢ়িয়াই আনিছে৷
এই ইতিবাচক খবৰে এইডছৰ আক্ৰান্তসকলৰ বাবে সুখবৰ৷ খবৰ পোৱা মতে মাত্ৰ এবিধ ইনজেক্‌শ্যনে ধবংস কৰিব পাৰিব এইচ আই ভি ভাইৰাছ৷ তেল আভিভা বিশ্ববিদ্যালয়ৰ এদল গৱেষকে এই ঔষধবিধ  ব্যৱহাৰ কৰি ইতিবাচক ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে৷ 
গৱেষণাত প্ৰকাশ পোৱা মতে এই ইনজেক্‌শ্যনৰ জৰিয়তে এইডছ ৰোগীৰ শৰীৰত টাইপ বি শ্বেত ৰক্তকণিকাৰ প্ৰৱেশ কৰোৱা হয়৷ গৱেষণা মতে এই শ্বেত ৰক্ত কণিকাই শৰীৰত এবিধ এণ্টিবডীৰ সৃষ্টি  কৰি এইডছৰ এইচ আই ভি ভাইৰাছ ধ্বংস কৰে৷ টাইপ বি শ্বেত ৰক্ত কণিকাই বেক্টেৰিয়া, ভাইৰাছ আদিৰ বিৰুদ্ধে এণ্টিবডী সৃষ্টি কৰে৷ 
প্ৰথমে টাইপ বি কোষসমূহ বনমেৰুত সৃষ্টি হয় আৰু পাছত তেজ আৰু শ্বাসতন্ত্ৰলৈ প্ৰসাৰিত হয়৷ ক্ৰমান্বয়ে এই টাইপ বি ৰক্ত কণিকাই সমগ্ৰ শৰীৰত এণ্টিবডী গঠন কৰে৷ গৱেষক, বিজ্ঞানী ড॰ বাৰ্জেলে কয় যে এইপৰ্যন্ত কিছুসংখ্যক বিজ্ঞানীয়েহে মানৱ শৰীৰৰ বাহিৰত বি চেল উৎপন্ন কৰিবলৈ সক্ষম হৈছে৷ তেওঁ লগতে কয় যে তেওঁলোকেও প্ৰথমবাৰৰ বাবে এই কোষসমূহক এইডছ আক্ৰান্ত ৰোগীৰ শৰীৰত প্ৰৱেশ ঘটুৱাই চিকিৎসা কৰিবলৈ সক্ষম হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here