চৰাইৰ কৃত্ৰিম বাহ সাজি অভিনৱ পদক্ষেপ

0
1223

মৰিগাঁও জিলাৰ কেইগৰাকীমান প্ৰকৃতিপ্ৰেমী লোকে এইবেলি গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যখনৰ প্তখন নগৰত চৰাইৰ কৃত্ৰিম বাহ আঁৰিবলৈ মন মেলিছে৷ এই উপলক্ষে জিলাখনৰ ‘প্ৰকৃতিপ্ৰেমী মঞ্চ’ নামৰ প্ৰকৃতি সংগঠনটোৱে এতিয়া চৰাইৰ কৃত্ৰিম বাহ নিৰ্মাণত ব্যস্ত হৈ পৰিছে৷ প্ৰকৃতিপ্ৰেমী মঞ্চৰ সভাপতি দেবেন দাস আৰু সম্পাদক হিতেশ শৰ্মাই জনোৱা মতে, এইবাৰ তেওঁলোকে ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাত প্ৰকৃতিপ্ৰেমী লোকসকলৰ মাজত সজাগতা অনাৰ লক্ষ্যৰে চৰাইৰ কৃত্ৰিম বাহ গছে গছে আঁৰিবলৈ প্ৰস্তুতি চলাইছে৷ যাৰবাবে তেওঁলোকে চৰাইৰ কৃত্ৰিম বাহ নিৰ্মাণত দিনে-নিশাই ব্যস্ত হৈ পৰিছে৷ গুৱাহাটী মহানগৰত দুশ আৰু বাকী নগৰকেইখনসহ মুঠতে ৫০০ বাহ নিৰ্মাণকাৰ্য চলাই আছে৷ প্ৰকৃতিপ্ৰেমী মঞ্চই ১৩ ফেব্ৰুৱাৰীৰ দিনা গুৱাহাটী মহানগৰৰ কেইবাঠাইতো চৰাইৰ কৃত্ৰিম বাহ আঁৰি পক্ষী সংৰক্ষণ পষেকৰ শুভাৰম্ভণি কৰে৷ ৫০০ বাঁহৰ বাবে তেওঁলোকে প্ৰতি কে বি আম আৰু পমাৰ কাঠ ক্ৰয় কৰিছে ৩৫০ টকা মূল্যত৷ ইয়াৰ উপৰি গজাল আৰু উল্লিখিত নগৰকেইখনলৈ বাহসমূহ আঁৰিবলৈ যাবলৈ যাতায়তৰ খৰচসহ মুঠ ২ লক্ষাধিক টকা খৰচ হ’ব বুলি ক’লে সম্পাদক হিতেশ শৰ্মাই৷ উল্লেখ্য যে প্ৰকৃতিপ্ৰেমী মঞ্চই ইয়াৰ পূৰ্বেও মৰিগাঁও জিলাখনৰ বিভিন্ন ঠাইত বিগত বৰ্ষসমূহত বসন্ত কালত গছ-গছনিৰ ডালত কৃত্ৰিম বাহ আঁৰি আহিছে৷ বৰ্তমান যান্ত্ৰিকতাৰ সময়ত গছ-গছনি ধ্বংস হ’বলৈ ধৰাত চৰায়ে বাহ সাজিবলৈ হাহাকাৰ কৰিব লগা, বিশেষকৈ গছৰ খোৰো¸ঙত বাহ লোৱা পক্ষীসমূহলৈ সংকট নামি আহিছে৷ সেয়েহে প্ৰকৃতিৰ বুকুত পক্ষীকুলকো জীয়াই ৰাখিবলৈ সংগঠনটোৱে এনে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে ৰাজ্য চৰকাৰক বন সপ্তাহৰ দৰে পক্ষী সংৰক্ষণ সপ্তাহ উদ্‌যাপনৰ ব্যৱস্থা হাতত ল’বলৈ আহ্বান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here