বাওঁহাত অথবা সোঁহাতখনেৰে লিখাৰ আছে বৈজ্ঞানিক কাৰণ

0
35

বিজ্ঞানে কোৱা অনুসৰি আমাৰ মস্তিষ্কৰ বাওঁ অংশক আমাৰ শৰীৰৰ সোঁ অংশক আৰু মস্তিষ্কৰ সোঁ অংশক বাওঁ অংশই নিয়ন্ত্ৰণ কৰে৷ সাধাৰণতে দেখা যায় যে ১০ গৰাকীৰ ভিতৰত ৯ গৰাকীয়ে লিখামেলাৰ ক্ষেত্ৰত সোঁহাতেৰে কৰে৷ অৰ্থাৎ লিখাৰ ক্ষেত্ৰত বাওঁহাতখনতকৈ সোঁহাতখন বেছিসংখ্যক লোকে ব্যৱহাৰ কৰে৷ এই বিষয়ে কৰা এক গৱেষণাত প্ৰকাশ পাইছে যে বিশ্বৰ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশ লোকেই সোঁহাতেৰে লিখে৷ সেয়ে ইয়াত উল্লেখ কৰিব বিচৰা হৈছে যে যিসকলে বাওঁহাত বা সোঁহাতেৰে লিখা-মেলা কৰে, তেওঁলোকৰ মাজত পাৰ্থক্য কি? সাধাৰণতে লিখা-মেলা কৰোতে আমাৰ মস্তিষ্কৰ এলিভেটৰ অংশ ব্যৱহাৰ কৰা হয়৷ অৰ্থাৎ আমি যদি কিবা লিখিবলৈ শিকো, তেনে ক্ষেত্ৰত মস্তিষ্কৰ বাওঁ অংশই সোঁ অংশক নিৰ্দেশ প্ৰদান কৰে৷ সেইবাবে পৃথিৱীৰ অধিকাংশ মানুহৰে সোঁ হাতেৰে লিখাৰ অভ্যাস৷ আনহাতে বিজ্ঞান কয় যে মস্তিষ্কৰ শক্তি ব্যৱস্থাপনাৰ সক্ষম৷ মস্তিষ্কৰ বাওঁ অংশই নতুন কিবা শিকাৰ বাবে কাম কৰে৷ সেয়ে শৰীৰৰ সোঁ অংশক ই নিৰ্দেশ দিয়ে৷ কিন্তু যদি মস্তিষ্কৰ বাওঁ অংশই মস্তিষ্কৰ সোঁ অংশলৈ ডাটা স্থানান্তৰ কৰে, তেতিয়া মস্তিষ্কৰ সোঁ অংশই শৰীৰৰ বাওঁ অংশক নিৰ্দেশ দিয়ে৷ এই প্ৰক্ৰিয়া সম্পূৰ্ণ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে৷ বিজ্ঞানে কোৱা মতে মানুহৰ মস্তিষ্ক শক্তি ব্যৱস্থাপনা সক্ষম৷ কিন্তু যিসকলে বাওঁহাতে লিখে, তেওঁলোকৰ মস্তিষ্কত শক্তি সংক্ৰান্তীয় পেটাৰ্ন তৈয়াৰ কৰিব নোৱাৰে৷ তথাপি মানুহে বাওঁহাতেৰে এই কাৰ্য সম্পাদন কৰিবলৈ আৰম্ভ কৰে আৰু লাহে লাহে এইটো তেওঁলোকৰ অভ্যাসত পৰিণত হয়৷ সাধাৰণতে এটা ধাৰণা আছে যে বাওঁহতীয়া লোক সোঁহতীয়া লোকতকৈ বেছি সৃজনীশীল৷ কিছু গৱেষণাৰ পৰা এই কথা কোৱা হৈছে৷ আনহাতে বাওঁহাতে হওক বা সোঁহাতেৰে কাম কৰাই হওক তেওঁলোকৰ মাজত কোনোধৰণৰ পাৰ্থক্য নাই বুলি বহুতেই ক’ব বিচাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here