শুবলৈ যাওঁতে ম’বাইলটো এৰাই চলক : আছে বহু কাৰণ

0
512

শৰীৰটোক ভালে ৰখাৰ বাবে সঠিক সময়ত খোৱা-বোৱা, পৰ্যাপ্ত পৰিমাণৰ টোপনি, বিশ্বাস অত্যন্ত দৰকাৰী৷ যদি এইবোৰ কাৰক দেহে সঠিকভাৱে নাপায়, তেন্তে শৰীৰৰ মাৰাত্মক ক্ষতি হ’ব পাৰে৷ 
মানসিক অৱসাদৰ পৰা আৰম্ভ কৰি উদ্বেগ, ডায়েবেটিছ, হাৰ্টৰ সমস্যা আনকি কোনো কোনো ক্ষেত্ৰত কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগ হোৱাৰ সম্ভাৱনাও থাকে৷
বৰ্তমান সময়ত ম’বাইলটো যেন আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ প্ৰায়সকলেই দিনটোৰ সৰহভাগ সময়ে ম’বাইলটোক লৈ যেন ব্যস্ত থাকে৷ কামৰ মাজতো সময় অকণ উলিয়াই হ’লেও ম’বাইল খোঁচৰাটো যেন অভ্যাসত পৰিণত হৈছে৷ 
দিনৰ দিনতো বাদেই দিলোঁ, ৰাতি টোপনিৰ বাবে বিছনালৈ যাওঁতেও প্ৰায়সংখ্যকৰে ম’বাইল চোৱাটো অভ্যাস হৈ পৰিছে৷ কিন্তু আপোনাৰো এনে কু-অভ্যাস আছে যদি আজিয়েই পৰিত্যাগ কৰক৷ কিয়নো এনে অভ্যাসৰ ফলত আপোনাৰ শৰীৰত দেখা দিব পাৰে মাৰাত্মক সমস্যা৷ জানো আহক ৰাতি শুবলৈ যোৱাৰ সময়ত ম’বাইল ফোন ব্যৱহাৰ কৰিলে কি ঘটিব পাৰে৷ 
গৱেষণাত প্ৰমাণিত হৈছে যে শোৱাৰ সময়ত ম’বাইল ফোন ব্যৱহাৰ কৰিলে চকুৰ নানাধৰণৰ বিকাৰে দেখা দিয়ে, আনকি কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ চিকিৎসকৰ মতে ৰাতি শোৱাৰ সময়ত স্মাৰ্টফোনত অতিৰিক্ত ব্যৱহাৰে চকুৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে৷
 ম’বাইলৰ পৰা নিৰ্গত হোৱা নীলা ৰশ্মিয়ে মস্তিষ্কৰ কাৰ্যত বাধা প্ৰদান কৰে আৰু ইয়ে টোপনিত ব্যাঘাত জন্মায়৷ ইয়াৰ উপৰি চকুৰ ৰক্ত সঞ্চালনো ব্যাহত কৰে৷ অত্যধিক ম’বাইল চোৱাৰ ফলত মেৰুদণ্ডৰ লগতে কান্ধ আৰু মূৰৰ সংযোগস্থলত যথেষ্ট চাপ পৰে৷ 
ইয়াৰ বাবে শৰীৰৰ ওপৰৰ অংশৰ লিগামেণ্টৰ ওপৰত বেয়া প্ৰভাৱ পৰে৷ আনহাতে বহুতেই ম’বাইল ফোনত পঢ়াটো পচন্দ কৰে৷ কিন্তু বিশেষজ্ঞসকলৰ মতে কিবা এটা ম’বাইলত পঢ়াতকৈ বহী পঢ়াটো বেছি উপকাৰী৷ 
বহীত পঢ়িলে ম’বাইলত পঢ়াতকৈ খুব কম সময়ৰ প্ৰয়োজন হয়৷ ইয়াৰ উপৰি চকুৰ ক্ষতি সাধন হোৱাৰ আশংকা থাকে৷ ৰাতি বেছি দেৰিলৈ ম’বাইল ফোন চালে ক্ষুধা অনুভূত হয়৷ সেয়েহে ৰাতি দেৰিলৈ খাদ্য খোৱাৰ ফলত টাইপ টু ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here