নেছলেৰ শিশু-খাদ্যত উচ্চ মাত্ৰাত অতিৰিক্ত চেনিৰ উপস্থিতি

0
32

ভাৰতৰ বেছ জনপ্ৰিয় শিশু খাদ্য নেছলে বিতৰ্কত সাঙোৰ খাইছে৷ ভাৰতত আটাইতকৈ বেছি বিক্ৰী হোৱা নেছলে কোম্পানীৰ দুটা শিশু খাদ্যৰ ব্ৰেণ্ড ক্ৰমে চেৰেলেক আৰু নিডোত উচ্ছ মাত্ৰাত অতিৰিক্ত চেনি আছে বুলি ছুইজাৰলেণ্ডৰ পাব্লিক আই নামৰ এটা অনুসন্ধানকাৰী বেচৰকাৰী সংগঠনে চলোৱা অনুসন্ধানত এই তথ্য পোহৰলৈ আহিছে৷ প্ৰতিবেদনখনত কোৱা হৈছে যে বিশ্বৰ বৃহত্তম উপভোক্তা দ্ৰব্য কোম্পানী নেছলেই আন্তঃৰাষ্ট্ৰীয় নীতি-নিৰ্দেশনা অমান্য কৰি বিশ্বৰ ভালেমান দেশত শিশুৰ গাখীৰ আৰু শস্যৰে তৈয়াৰী শিশু খাদ্যবোৰত চেনি আৰু মৌ মিহলায়৷ উল্লেখ্য যে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ নিৰ্দেশনা অনুযায়ী শিশুৰ যাতে অতিৰিক্ত মেদ আৰু স্থায়ী ৰোগ নহয় তাৰ বাবে শিশুৰ খাদ্যত চেনি আৰু মৌ মিহলোৱা নিষেধ৷ নেছলেই কেৱল এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ দেশবোৰতহে এই নীতি-নিৰ্দেশ উলংঘা কৰিছে৷ কিন্তু নেছলেই বাকীবোৰ দেশৰ শিশু খাদ্যত এই চেনি আৰু মৌ মিহলোৱা নহয়৷ উল্লেখ্য যে পাব্লিক আইৰ প্ৰতিবেদনখন ভাৰতে গুৰুত্বসহকাৰে লৈছে শিশু খাদ্যবোৰৰ বিৰুদ্ধে উঠা অভিযোগবোৰ পৰীক্ষা কৰিছে৷ স্বাস্থ্য মন্ত্ৰ্যালয়ে এই সন্দৰ্ভত কয় যে অধ্যয়নটোৰ ফলাফল এখন বৈজ্ঞানিক সমিতিক দাখিল কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here