দত্তক গ্ৰহণৰ বাবে বিবাহৰ প্ৰমাণ-পত্ৰৰ প্ৰয়োজন নাই

0
371

এলাহাবাদ উচ্চ ন্যায়ালয়ে কয় যে সন্তান তুলি ল’বলৈ (দত্তক গ্ৰহণ) বিবাহৰ প্ৰমাণ-পত্ৰ অত্যাৱশ্যকীয় চৰ্ত নহয়৷ ন্যায়ালয়ে কয় যে হিন্দু দত্তক আৰু পোহপাল আইন, ১৯৫৬১ অধীনত আনকি একক অভিভাৱকেও শিশু তুলিব পাৰিব৷ ৰীণা কিন্নৰ নামৰ তৃতীয় লিংগৰ এগৰাকী ব্যক্তি আৰু তেওঁৰ সংগীয়ে দাখিল কৰা এক আৱেদনৰ শুনানিত অলপতে ন্যায়ালয়ে এনেদৰে কয়৷ আৱেদনত কোৱা হৈছিল যে ১৯৮৩ চনত ৰীণাৰ জন্ম হয় আৰু তেওঁলোকে ২০০০ চনৰ ১৬ ডিচেম্বৰত বাৰাণসীৰ অৰ্ডালী বজাৰৰ মহাবীৰ মন্দিৰত বিবাহপাশত আবদ্ধ হয়৷ আৱেদনকাৰীয়ে এটি শিশুৰ দত্তক গ্ৰহণ কৰিবলৈ ইচ্ছা কৰিছিল৷ তেওঁলোকক বিবাহৰ প্ৰমাণ-পত্ৰ দাখিল কৰিবলৈ কোৱা হৈছিল৷ কিন্তু তেওঁলোকৰ বিবাহৰ প্ৰমাণ-পত্ৰ নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here