ভাৰতলৈ চোৰাংকৈ সৰবৰাহ হোৱা চীনা নহৰু ৰোধৰ পদক্ষেপ

0
30

চীনৰ পৰা নহৰুকে ধৰি বিভিন্ন সামগ্ৰীৰ অবৈধ সৰবৰাহ আৰু চোৰাং প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে ভাৰতে নেপাল আৰু বাংলাদেশ সীমান্তত সতৰ্কতা জাৰি কৰিছে৷ উল্লেখ্য যে বাংলাদেশ আৰু নেপালৰ লগতে চীনৰ সৈতে থকা সীমান্তইদি ভাৰতলৈ চোৰাংভাৱে নহৰুৰ সৰবৰাহ যথেষ্ট বৃদ্ধি পাইছে৷ চীনৰ পৰা হাজাৰ হাজাৰ কিলোগ্ৰাম নহৰু ভাৰতলৈ অনা হৈছে৷ ইয়াৰ ফলত ভাৰতীয় কৃষক যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে কৃষকৰ থলুৱাভাৱে উৎপাদিত সামগ্ৰীক লৈ৷ কিয়নো চোৰাং নহৰু কম দামতে ক্ৰয় কৰিব পৰা হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ বিভিন্ন স্থানত উৎপাদিত নহৰুৰ চাহিদা কমি গৈছে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে ভাৰতে নেপাল আৰু বাংলাদেশ সীমান্তত চোৰাং সামগ্ৰীৰ সৰবৰাহৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা জাৰি কৰিছে৷ উক্ত সীমান্ত অঞ্চলত চোকা নজৰ ৰাখিছে ভাৰতীয় নিৰাপত্তা বাহিনী তথা চোৰাংচোৱা সংস্থাসমূহে৷ উল্লেখ্য যে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা ট্ৰাকসমূহত চোৰাংভাৱে অহা বৃহৎ পৰিমাণৰ অবৈধ নহৰু বি এছ এফে জব্দ কৰিছে৷ চীনৰ পৰা চোৰাংভাৱে অহা নহৰুৰ চাহিদা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ যথেষ্ট বৃদ্ধি পাইছে৷ আনহাতে ভাৰতলৈ চীনৰ নহৰুৰ আমদানিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here