গৰ্ভধাৰণৰ ৩৩ সপ্তাহতগৰ্ভপাতৰ অনুমতি ন্যায়ালয়ৰ!

0
1092

গৰ্ভপাতৰ ক্ষেত্ৰত লোৱা ‘চূড়ান্ত সিদ্ধান্ত’ত নাৰীৰ জন্ম দিয়াৰ পচন্দক আৰু নজন্মা শিশুৰ মৰ্যাদাশালী জীৱনৰ সম্ভাৱনাক উপলব্ধি কৰা উচিত৷ ২৬ বছৰীয়া এগৰাকী বিবাহিতা মহিলাক ৩৩ সপ্তাহৰ গৰ্ভধাৰণৰ গৰ্ভপাত কৰিবলৈ অনুমতি দি দিল্লী উচ্চ ন্যায়ালয়ে এইদৰে কয়৷ গৰ্ভস্থ সন্তানৰ মস্তিষ্ক সম্পৰ্কীয় অস্বাভাৱিকতা [চেৰিব্ৰেল এবনৰ্মেলিটি] থকা উক্ত মহিলাগৰাকীক তৎকালীনভাৱে তেওঁৰ পচন্দৰ এখন অনুমোদিত চিকিৎসালয় বা প্ৰতিষ্ঠানত গৰ্ভপাত কৰাবলৈ ন্যায়াধীশ প্ৰতিভা এম সিঙে অনুমতি দিয়ে৷ ন্যায়াধীশ সিঙে কয় যে গৰ্ভপাত কৰিবলৈ সিদ্ধান্ত লওঁতে মহিলাগৰাকী কেনেকুৱা নিদাৰুণ দোধোৰ-মোধোৰ অৱস্থাৰ মাজেৰে পাৰ কৰে, সেই কথা মাৰাত্মক অস্বাভাৱিকতা থকা ঘটনাসমূহে দেখুৱায়৷ ন্যায়াধীশে কয় যে বৰ্তমানৰ গোচৰটোত তেওঁ অভিভাৱকক ক্ৰিয়া কৰা মানসিক পীড়া আৰু তেওঁলোকৰ অৰ্থনৈতিক তথা সামাজিক অৱস্থা অনুধাৱন কৰিবলৈ সক্ষম হৈছে৷ মহিলাগৰাকীয়ে তেওঁৰ আৱেদনত জনাইছিল যে গৰ্ভধাৰণৰ ১৬ সপ্তাহলৈকে আলট্ৰাছাউণ্ডৰ পৰীক্ষাত কোনো অস্বাভাৱিকতা নাছিল৷ কিন্তু ৩০ সপ্তাহৰ পাছত ১২ নৱেম্বৰত কৰা অন্য এক আলট্ৰাছাউণ্ড পৰীক্ষাত অস্বাভাৱিকতা ধৰা পৰে৷ তাৰ পাছতে মহিলাগৰাকী উচ্চ ন্যায়ালয়ৰ কাষ চাপে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here