সুখবৰ ! সোনকালেই উপলব্ধ হ’ব এইড্‌ছৰ ভেকচিন

0
197

বিশ্ববাসীয়ে সোনকালেই এইচ আই ভি বা এইড্‌ছৰ প্ৰথমটো ভেকচিন লাভ কৰিব৷ বিশ্ব এইড্‌ছ দিৱসত ‘জাৰ্নেল ছায়েন্স’ত প্ৰকাশিত এক গৱেষণা পত্ৰত এই কথা প্ৰকাশ পাইছে৷ ইয়াত ভেকচিনটোৰ প্ৰথম ক্লিনিকেল ট্ৰায়েলৰ কথা প্ৰকাশ পাইছে৷ বিজ্ঞানীসকলৰ মতে, এই ভেকচিনটো এইচ আই ভিৰ বিৰুদ্ধে ৯৭ শতাংশ সফলতা দেখা গৈছে৷ একুৱাৰ্ড ইমিইন ডেফিচিয়েন্সি ছিনড্ৰম বা এইড্‌ছ ৰোগ হিউমেন ইমিইন ডেফিচিয়েন্সি ভাইৰাছৰ [এইচ আই ভি] পৰা হয়৷ এই বীজাণু চিম্পাঞ্জীৰ পৰা মানুহলৈ কুৰি শতিকাত আহিল বুলি কোৱা হয়৷ পৰীক্ষা চলি থকা ভেকচিনটোৰ নাম হৈছে ই অ’ ডি-জি টি জ্জ্ব ৬০এম ই আৰ৷ ১৮ বছৰৰ পৰা ৫০ বছৰৰ ভিতৰৰ ৪৮জন স্বাস্থ্যৱান  লোকৰ  শৰীৰত এই ভেকচিন পৰীক্ষা কৰা হৈছিল৷ তেওঁলোকক ভেকচিন দুপালি দিয়া হৈছিল৷ গৱেষণাত পোৱা গ’ল যে ৩৫জন লোকৰ শৰীৰত প্ৰথম পালি ভেকচিনতেই ফল দেখিবলৈ পোৱা গ’ল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here