এইবাৰ হেকাৰৰ চকুICMR-ৰ ৱেবছাইটত

0
304

দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছত ধন দাবীৰ উদ্দেশ্যৰে চাইবাৰ আক্ৰমণ কৰাৰ পাছত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰৰ ৱেবছাইটত হেকাৰৰ বৃহৎ আক্ৰমণ চলে৷ এটা সূত্ৰই সংবাদ মাধ্যমক এই কথা জনায়৷ সূত্ৰটোৰ মতে, ভাৰতৰ শীৰ্ষ চিকিৎসা সংস্থাটোৰ ৱেবছাইটত ৩০ নৱেম্বৰত ৬০০০টা হেকিং প্ৰচেষ্টা চলে৷ ইণ্টাৰনেটত কোনো যন্ত্ৰক চিনাক্ত কৰা আই পি ঠিকনাৰ  পৰা এই হেকিং হংকঙৰ এক নিষিদ্ধ আই পিৰ পৰা কৰা হৈছিল বুলি জানিব পৰা গৈছে৷ উন্নীত ফায়াৰৱাল তথা সংস্থাটোৰ সমৃদ্ধ নিৰাপত্তা ব্যৱস্থাৰ  বাবে আই চি এম আৰৰ ৱেবছাইট হেকাৰে হেক কৰিব নোৱাৰিলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here