‘ইজ অব্‌ ডুয়িং বিজনেছ ইন আছাম’ প’ৰ্টেলৰ বাবে অসম চৰকাৰলৈ স্বীকৃতি

0
699

‘ইজ অব্‌ ডুয়িং বিজনেছ ইন আছাম’ প’ৰ্টেলৰ বাবে ৰাষ্ট্ৰীয় স্তৰত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে অসম চৰকাৰে৷ অৰ্থনৈতিক ক্ষেত্ৰৰ সংবাদসেৱাৰে জড়িত দেশৰ অগ্ৰণী সংবাদ পত্ৰ দ্য ইক’নমিক্স টাইমছৰ উদ্যোগত নতুন দিল্লীত আয়োজিত তৃতীয় ডিজিটেক কনক্লেভ-২০২২-ত অসমৰ এই প’ৰ্টেলটোক বছৰটোৰ শ্ৰেষ্ঠ ইজ অব্‌ ডুয়িং বিজনেছ প’ৰ্টেলৰ স্বীকৃতিৰে অসম চৰকাৰক সম্বৰ্ধনা জনোৱা হয়৷ নতুন দিল্লীৰ লা মেৰিডিয়ান হোটেলত আয়োজিত এই ডিজিটেক কনক্লেভত অসমৰ মুখ্যমন্ত্ৰীৰ হৈ ৰাজ্যৰ তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই এই আনুষ্ঠানিক সম্বৰ্ধনা গ্ৰহণ কৰে৷ 
কেইবাখনো ৰাজ্যৰ মন্ত্ৰী, বিদেশী কূটনীতিবিদ, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰযুক্তি ক্ষেত্ৰ আৰু দেশৰ নীতি নিৰূপণ প্ৰক্ৰিয়াৰে জড়িত ভালেকেইগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰা দ্য ইক’নমিক্স টাইমছ কাকতৰ কনক্লেভত এই সন্মান গ্ৰহণ কৰি মহন্তই অসমত উদ্যোগ আৰু বাণিজ্যৰ দ্ৰুত প্ৰসাৰৰ জৰিয়তে ৰাজ্যখনত বহনক্ষম উন্নয়নৰ গতি ত্বৰান্বিত কৰাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰাৰ বিষয়ে উল্লেখ কৰে৷ অসমত ব্যৱসায়-বাণিজ্য তথা ঔদ্যোগিক পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ  অসম চৰকাৰে ইয়াৰ প্ৰতিটো গুৰুত্বপূৰ্ণ বিভাগৰ সেৱাকে একেখন ডিজিটেল মঞ্চৰ পৰাই পাব পৰাকৈ ইজ অব্‌ ডুয়িং বিজনেছ ইন আছাম প’ৰ্টেল মুকলি কৰা বুলি তেওঁ দোহাৰে৷ তথ্য-প্ৰযুক্তিৰে চৰকাৰৰ প্ৰশাসনিক সেৱা প্ৰদানৰ ব্যৱস্থাক সমন্বিত কৰি বিকশিত কৰা এই প’ৰ্টেলে ৰাজ্যখনত বহনক্ষম, সৰ্বাংগীণ অৰ্থনৈতিক বিকাশৰ পথ প্ৰশস্ত কৰিব বুলিও মন্ত্ৰী মহন্তই দোহাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here