সন্ধিবাত (osteoarthritis) আৰু মহিলাৰ স্বাস্থ্য

0
491

ডাঃ দুলুমণি কলিতা

আয়ুৰ্বেদিক চিকিৎসক
ফোনঃ ৮৬৩৮৭৪৯৪৯৪

সহজ ভাষাত ক’বলৈ গ’লে সন্ধিবাত (osteoarthrits) হ’ল এটা বয়সজনিত সমস্যা। যাৰ প্ৰভাৱ শৰীৰৰ বিভিন্ন সন্ধিসমূহত, বিশেষকৈ ওজন সহি থকা সন্ধিবোৰত (যেনে – আঁঠুৰ সন্ধি, কঁকালৰ সন্ধি আদিত) বেছিকৈ দেখিবলৈ পোৱা যায়।
শৰীৰত থকা সন্ধিসমূহৰ বাবেই আমি দৈনন্দিন সকলো কাৰ্য যেনে- চলা ফুৰা আদি সুচাৰুৰূপে কৰিব পাৰোঁ। এই সন্ধিবোৰৰ গাঁথনিত অস্থি আৰু সন্ধিৰ কাম সুচাৰুৰূপে চলাই ৰাখিবলৈ আৰু ইয়াক ৰক্ষাৰ বাবে তাৰ লগত কিছুমান উপাদান জড়িত হৈ থাকে- a Articular Cartilage, Joint Capsule, Ligament, Muscle, Synovial Fluid আদি। ইয়াৰ ভিতৰত প্ৰধান হৈছে Articular Cartilage, ই দুডাল হাড়ৰ মাজত কুছন(cushion) সদৃশ কাম কৰে, যাৰ বাবে হাড় দুডাল ঘঁহনি নোখোৱাকৈ মসৃণভাৱে সকলো কাম কৰি থাকিব পাৰে।
সন্ধিবাতত বিভিন্ন কাৰণবশতঃ এই Articular Cartilage বোৰত চাপ পৰাত এইবোৰ ক্ষয় হ’ব ধৰে। প্ৰাৰম্ভিক অৱস্থাত শৰীৰৰ নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ দ্বাৰা অতি সহজে cartilage বোৰ আগৰ অৱস্থালৈ ঘূৰি আহে। কিন্তু যেতিয়া চাপৰ পৰিমাণ বৃদ্ধি হৈ গৈ থাকে তেতিয়া ই নিজে নিজে আগৰ অৱস্থালৈ ঘূৰি যাব নোৱাৰে আৰু ইয়াতেই আৰম্ভণি হয় সন্ধিবাতৰ। Cartilage বোৰ ক্ষয় যোৱাৰ পাছত লাহে লাহে হাড়বোৰো ক্ষয় হ’ব ধৰে আৰু এনেকৈয়ে ই লাহে লাহে বিষম পৰ্যায়লৈ আগবঢ়ি গৈ থাকে।
মহিলাৰ ক্ষেত্ৰত এই সমস্যা পুৰুষৰ তুলনাত দুগুণ বেছিকৈ দেখিবলৈ পোৱা যায়। সাধাৰণতে এই সমস্যাৰ আৰম্ভণিৰ লক্ষণ ৪০ ৰ পৰা ৫০ বছৰৰ ভিতৰত দেখিবলৈ পোৱা যায় আৰু ৫৫ বছৰৰ ঊৰ্ধবত এই সমস্যা ক্ৰমশঃ বাঢ়ি যোৱা দেখা যায়। বৰ্তমান সময়,পৰিৱেশ আৰু জীৱনশৈলীৰ পৰিবৰ্তনৰ লগে লগে সন্ধিবাত ৪০ বছৰৰ আগতেও দেখা দিয়া পৰিলক্ষিত হৈছে। মহিলাসকলে নিজৰ স্বভাৱবশত দৈনন্দিন কামৰ মাজত ব্যস্ত থাকি ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ আওকাণ কৰা দেখা যায় আৰু যেতিয়া পৰিস্থিতি বিষম হৈ পৰে তেতিয়াহে চিকিৎসকৰ ওচৰ চপা দেখা যায়। যিহেতু সন্ধিবাত এটা ক্ষয়জনিত ব্যাধি, এটা সময়ৰ পাছত ইয়াক আগৰ অৱস্থালৈ ঘূৰাই লৈ অনাত অসুবিধা হৈ পৰে। কিন্তু আৰম্ভণিতে জীৱনশৈলীৰ, খাদ্যাভ্যাসৰ পৰিৱৰ্তন আৰু কিছু সাৱধানতা অৱলম্বন কৰি ইয়াৰ পৰা আঁতৰি থাকিব পৰা যায়। সন্ধিবাত এটা বয়সজনিত সমস্যা। ই সকলো মানুহৰ জীৱনৰ কোনোবা এটা পৰ্যায়ত এৱাৰ হ’লেও দেখা দিব পাৰে। তাৰ বাবে আমি ভয় খোৱা উচিত নহয় । তাৰ সলনি আমাৰ উদ্দেশ্য হোৱা উচিত কিদৰে আমি বেছিদিনলৈ ইয়াৰ পৰা আঁতৰি থাকিব পাৰো আৰু হ’লেও তাক কিদৰে নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰো।

মহিলাৰ ক্ষেত্ৰত সন্ধিবাত কিয় বেছিকৈ দেখা যায় :

১) মহিলাৰ শাৰীৰিক গঠন- মহিলাৰ কঁ‌কাল অংশ বেছি মঙহাল হোৱা বাবে কঁ‌কালৰ সন্ধি আৰু আঁঠুৰ সন্ধিত পুৰুষৰ তুলনাত বেছি চাপ পৰে বাবে এই সন্ধি দুটাত সন্ধিবাত বেছি দেখিবলৈ পোৱা যায়।
২) হৰম’নজনিত কাৰণ-
– মাহেকীয়া বন্ধ হোৱাৰ পাছত শৰীৰত ইষ্ট্ৰোজেনৰ পৰিমাণ কমি যায়। এই হৰম’নবিধে হাড় সৱল কৰি ৰখাত বিশেষ ভূমিকা পালন কৰে।
-গৰ্ভধাৰণৰ সময়ত মহিলাৰ শৰীৰত Relaxin নামৰ হৰমন গঠন হয়। ইয়ে সন্ধিৰ বন্ধনবোৰ শিথিল কৰে আৰু তাৰ বাবে সন্ধিবোৰ দুৰ্বল লৈ পৰে।
৩) ওজন বৃদ্ধি- বিভিন্ন কাৰণবশতঃ যেনে হৰমনজনিত (থায়ৰযেড, PCOD আদি), ডায়েবেটিছ, প্ৰসৱৰ পাছত, গৰ্ভনিৰোধক বড়িৰ (OCP) পাৰ্শ্বক্ৰিয়া আদিৰ বাবে পুৰুষৰ তুলনাত মহিলাৰ ওজন বৃদ্ধিৰ প্ৰৱণতা বেছি।
৪) পুৰুষৰ তুলনাত মহিলাৰ হাড়বোৰ ঠুনুকা হয় আৰু cartillage ৰ পৰিমাণো কম থাকে।
৫) মহিলাসকলৰ অৱহেলা – তেওঁলোকে নিজৰ দৈনন্দিন কাৰ্যত ইমানেই ব্যস্ত থাকে যে প্ৰাৰম্ভিক অৱস্থাত ইয়াক আওকাণ কৰে, সেইবাবে পিছলৈ সমস্যা বেছি হয়।

সন্ধিবাতৰ প্ৰধান কাৰণসমূহ :
১) বয়স বৃদ্ধি
২) লিংগজনিত কাৰণ (মহিলাৰ বেছিকৈ দেখা যায়)
৩) ওজন বৃদ্ধি
৪) পেছাজনিত কাৰণ (occupational)
5) বংশগত কাৰণ
৬) হৰম’নজনিত কাৰণ
৭) গাঁ‌ঠিৰ বিভিন্ন পুৰণি ৰোগ- RA, Gout etc.
৮) দুৰ্ঘটনা বা শৈল্যকৰ্মত সন্ধি বা অস্থিত পোৱা আঘাত
৯) অত্যধিক কষ্টকৰ কাম বা খেলা-ধূলা কৰাৰ সময়ত অস্থি- সন্ধিত পোৱা আঘাত।

সন্ধিবাতৰ লক্ষণসমূহ :
১) সন্ধিৰ বিষ
২) খোজকঢ়া সময়ত সন্ধিৰ পৰা শব্দ ওলোৱা
৩) সন্ধিবোৰ ফুলি যোৱা লগতে অলপ গৰম গৰম অনুভৱ কৰা
৪) খোজকঢ়া, উঠা-বহা কৰা, লৰচৰ কৰা সময়ত বিষ বৃদ্ধি
৫) দৈনন্দিন কাৰ্যত অসুবিধা

সন্ধিবাতৰ লেবৰ্টৰিকেল পৰীক্ষাত উপলব্ধ তথ্য :
১) সন্ধিৰ মাজৰ ঠাই কমি যোৱা
২) হাড়বোৰ ঠুনুকা হৈ যোৱা
৩) হাড়বোৰৰ ওপৰত নতুনকৈ সৰু সৰু হাড় বৃদ্ধি হোৱা।

সন্ধিবাত ৰোধ কৰিবলৈ মহিলাসকলৰ কৰণীয়
১) নিতৌ এগিলাচকৈ গাখীৰ খাব।
২) ওজন হ্ৰাস কৰিব- দিনত আধা ঘণ্টা নিজৰ শৰীৰৰ বাবে দিব। সেই সময় খিনিত যোগাভ্যাস, ব্যায়াম কৰিব।
৩) সুষম আহাৰ খাব। দিনত উপযুক্ত পৰিমণে পানী খাব। খাদ্যত Antioxident, কেলচিয়াম, ভিটামিন-D, ভিটামিন-E আদি উপযুক্ত পৰিমানে আছেনে লক্ষ্য ৰাখিব।
৪) মাংসপেশী আৰু অস্থি-সন্ধিক ৰক্ষণাবেক্ষণ দি থকা উপাদানবোৰক সবল কৰিবলৈ নিতৌ কিছু ব্যায়ামৰ অনুশীলন কৰিব।
৫) মানসিক চাপৰ পৰা আঁতৰি থাকিব।
৬) বয়স বৃদ্ধিৰ লগে লগে কিছুমান অভ্যাস সলনি কৰিব লাগিব- Cervical Spondylosis ৰ বাবে তলফালে হালি কাম কৰা, বিছনাত শুই পঢ়া আদি, আকৌ আঠুৰ বিষৰ বাবে তলত বহি কাম কৰা, বেছি খোজকঢ়া এইবোৰ বাদ দি চলিব লাগিব।
৭) খাদ্যত সেউজীয়া শাক-পাচলি, খেজুৰ, বাদাম, আদা, নহৰু, তিল, ঘি, চজিনা -ফুল- পাত, মানিমুনি, নৰসিংহ, পচতীয়াৰ পাত, ভেদাইলতা, লোকেল মাছ, মাংস, কণী আদি গ্ৰহণ কৰিব পাৰিব।

সন্ধিবাতৰ আয়ুৰ্বেদিক চিকিৎসা :
১) নিদান পৰিবৰ্জন
২) পঞ্চকৰ্ম চিকিৎসা
৩) ঔষধি চিকিৎসা।

নিদান পৰিবৰ্জন : যি কাৰণৰ পৰা সন্ধিবাতৰ সৃষ্টি হয় তাৰ পৰা আঁতৰি থকিব লাগিব।

পঞ্চকৰ্ম চিকিৎসা :
সন্ধিবাতৰ চিকিৎসাত পঞ্চকৰ্মৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ দেখা যায়।
আভ্যন্তৰীণ শোধনৰ বাবে পঞ্চকৰ্ম- স্নেহপান, বমন, বিৰেচন, বস্তি কৰ্ম আদি।
বাহ্যিক শোধনৰ বাবে পঞ্চকৰ্ম – স্নেহন, স্বেদন (গৰম সেক) , জানু বস্তি, কতি বস্তি, গ্ৰিৱা বস্তি আদি।

ঔষধি চিকিৎসা :
ঔষধি যোগ :
-সুন্থি (শুকান আদা) চুৰ্ণ
-অশ্বগন্ধা চুৰ্ণ
-আমলখি চুৰ্ণ
-লাক্ষাদি গুগ্গুল
-ত্ৰয় দশাংগ গুগ্গুল
-য়োগৰাজ গুগ্গুল

  • সল্লকি
    -দশমূল কাঢ়া
    -ৰাস্না সপ্তক কাঢ়া
    -আমলখি ৰসায়ন
    -চন্দ্ৰপ্ৰভা বটি
    -কুকূতান্দক ভষ্ম
    -মুক্তা পিস্তি
    -প্ৰবাল ভষ্ম
    -এৰণ্ড তেল
    -মহামাষ তেল
    -প্ৰসাৰণী তেল
    -মহাবিষগৰ্ভ তেল
    -অশ্বগন্ধা ঘৃত
    দশমূল ঘৃত আদি

সন্ধিবাত এক প্ৰকাৰৰ chronic diseases, ইয়াৰ চিকিৎসাত দীৰ্ঘসময় ধৰি ঔষধি সেৱন কৰিব লগা হয়। এনে ক্ষেত্ৰত আয়ুৰ্বেদিক ঔষধিসমূহৰ পাৰ্শ্বক্ৰিয়া অতি নগণ্য মানৰ দেখা যায়। এই বেমাৰবিধৰ চিকিৎসা আয়ুৰ্বেদিক পদ্ধতিৰে কৰি অতি চমকপ্ৰদ ফলাফল পৰীক্ষালব্ধভাৱে উপলব্ধ হৈছে। আয়ুৰ্বেদিক পঞ্চকৰ্ম আৰু ইয়াৰ গুণকাৰী ঔষধিসমূহৰ সঠিক চয়ন, সঠিক মাত্ৰা আৰু সঠিক সময়ত ব্যৱহাৰ সন্ধিবাতৰ চিকিৎসাত অমৃত তুল্য হয়। যদি কোনো ব্যক্তিয়ে এনে সমস্যাত ভুগি আছে, অতি সোনকালে অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকৰ ওচৰ চাপিব পাৰে। আয়ুৰ্বেদিক পদ্ধতিত ৰোগৰ নহয়, ৰোগীৰ চিকিৎসা কৰা হয়। একে ধৰণৰ বেমাৰৰ বাবে দুজন ভিন্ন ব্যক্তিৰ চিকিৎসা ভিন্ন হয়। সেয়েহে আপোনালোকে যেতিয়াই আয়ুৰ্বেদিক চিকিৎসা ল’ব বিচাৰে তেতিয়া মানবিশিষ্ট অভিজ্ঞ চিকিৎসকৰ ওচৰত যাব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here