ৰাজ্যত স্থাপন হ’ব উচ্চ শক্তিসম্পন্ন ৫০টা মিল

0
205

ৰাজ্য চৰকাৰে ৰাজসাহায্যযুক্ত ২০০ মেট্ৰিকটন ধান বনাৰ শক্তিসম্পন্ন ৫০টা ধান মিল স্থাপন কৰাৰ ব্যৱস্থা কৰিব৷ এই মিলসমূহ স্থাপন  কৰাসকলে  ১০ৰপৰা ৪০ লাখ টকালৈকে  ৰাজসাহায্য লাভ কৰিব৷ ধান মিলৰ সামৰ্থ্য অনুসৰি এই পদক্ষেপ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আৰু কৃষি আন্তঃগাঁথনি পুঁজি [এ আই এফ]ৰ যুটীয়া উদ্যোগত ৰূপায়ণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই  ঘোষণা কৰিছে৷ কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ১ হাজাৰটা ক্ষুদ্ৰ ধান মিল স্থাপনৰ বাবেও ৰাজ্য চৰকাৰে সহযোগিতা আগবঢ়াব৷ ইয়াৰ বাবে প্ৰতিটো ধান মিল স্থাপনৰ বাবে ১.১৭ লাখ টকা পৰ্যন্ত ৰাজসাহায্য  প্ৰদান কৰা হ’ব৷ আনহাতে কৃষি বিভাগে গ্ৰহণ কৰা পদক্ষেপৰ অধীনত কৃষক উৎপাদক গোটসমূহক ৯০ শতাংশ ৰাজসাহায্যযুক্ত ধান কটা যন্ত্ৰ [কম্বাইন হাৰ্ভেষ্টাৰ] প্ৰদান কৰা হ’ব৷
ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ পদক্ষেপসমূহক বিশেষ গতি দিয়াৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কৃষি বিভাগ আৰু মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ বিষয়াসকলৰ বৈঠক অনুষ্ঠিত হয়৷ ৰাজ্যত অধিক ধান কল স্থাপন কৰাৰ লগতে মজলীয়া আৰু ক্ষুদ্ৰ কৃষকৰ গোট হিচাপে পৰিগণিত ‘ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী’সমূহক ধান কটা যন্ত্ৰ [কম্বাইন হাৰ্ভেষ্টৰ] আৰু মিনি ট্ৰাক যোগান ধৰাৰ বাবে কৃষি বিভাগে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে  বৈঠকত আলোচনা কৰা হয়৷ মুখ্যমন্ত্ৰীয়ে লগতে প্ৰস্তাৱিত পদক্ষেপসমূহ কৃষকসকলৰ বাবে অধিক উপযোগী আৰু সুলভ কৰি তুলিবলৈ কেইবাটাও পৰামৰ্শ আগবঢ়ায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here