অসমৰ গঁড়ৰ চোৰাং চিকাৰ ৰোধত মোদীৰ উচ্ছ প্ৰশংসা

0
854

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৰেডিঅ’ কাৰ্যসূচী ‘মন কী বাত’ত অন্যান্য বিষয়ৰ লগতে প্ৰতিটো জীৱৰ প্ৰতি দয়া আৰু প্ৰকৃতিৰ প্ৰতি প্ৰেম যে ভাৰতীয় সংস্কৃতিৰ অংশ সেই কথা দাঙি ধৰে আৰু এই প্ৰসংগত অসমীয়া সংস্কৃতিৰ অংশ গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত ৰাজ্যখনে লাভ কৰা সফলতাৰ বিৱৰণ দিয়ে৷ তেওঁ কয় যে সৎ উদ্দেশ্যৰ সৈতে আন্তৰিক প্ৰচেষ্টা চলালে সুফল পোৱা যায়৷ তাৰ এটা ডাঙৰ উদাহৰণ হ’ল অসম৷ এটা খৰ্গযুক্ত গঁড় সদায় অসমীয়া সংস্কৃতিৰ অংশ হৈ আহিছে৷ কাজিৰঙাৰ সেউজ পৰিৱেশ আৰু ইয়াৰ বন্যপ্ৰাণীৰ প্ৰশংসা কৰি ভাৰত ৰত্ন ভূপেন হাজৰিকাই গোৱা এটা গানৰ কথা মোদীয়ে স্মৰণ কৰে আৰু ‘কাজিৰঙা, কাজিৰঙা/নহয় অভয়াৰণ্য/ইয়াতকৈও ভয়াৱহ জানা/পৃথিৱীৰ জন অৰণ্য’ শীৰ্ষক গানটোৰ এটা কলি ৰেডিঅ’ত বজাই শুনোৱা হয়৷ তেওঁ কয় যে গঁড়ৰ চোৰাং চিকাৰে কাজিৰঙাৰ ক্ষতি কৰে৷ ২০১৩ চনত ৩৭টা আৰু ২০১৪ চনত ৩২টা গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰিছিল৷ এই প্ৰত্যাহ্বান চম্ভালিবলৈ অসম চৰকাৰৰ বিশেষ প্ৰচেষ্টাত যোৱা সাত বছৰত গঁড়ৰ চোৰাং চিকাৰৰ বিৰুদ্ধে এটা ডাঙৰ অভিযান চলোৱা হয়৷ ২০২১ চনত ৰাজ্যখনত চোৰাং চিকাৰীয়ে মাত্ৰ এটা গঁড়হে হত্যা কৰে৷  যোৱা বছৰৰ ২২ ছেপ্টেম্বৰত বিশ্ব গঁড় দিৱস উপলক্ষে চোৰাং বেপাৰীবিলাকৰ পৰা জব্দ কৰা ২৪০০ৰো অধিক খৰ্গ জ্বলাই দিয়া হয়৷ মোদীয়ে কয় যে চোৰাং চিকাৰীবিলাকলৈ এইটো এটা কাঢ়া বাৰ্তা আছিল আৰু এতিয়া অসমত গঁড়ৰ চোৰাং চিকাৰ ক্ৰমাৎ কমিছ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here