এইবাৰ নাকৰ জৰিয়তে চলাব ভেক্‌চিনৰ পৰীক্ষা

0
459

ক’ভিডৰ তৃতীয় ঢৌৰ সমান্তৰালভাৱে ইয়াৰ ভেক্‌চিনৰ পৰীক্ষাও পূৰ্ণগতিত অব্যাহত আছে৷ মানৱ দেহত তৃতীয় পৰ্যায়ৰ ক’ভিড ভেক্‌চিনৰ পৰীক্ষা চলোৱাৰ বাবে অনুমতি লাভ কৰিছে ভাৰত বায়’টেকে৷ উল্লেখ্য যে ভাৰতীয় গৱেষণা সংস্থা ভাৰত বায়’টেকে ক’ভাক্সিন ভেক্‌চিন প্ৰস্তুত কৰিছিল৷ নাকৰ জৰিয়তে গ্ৰহণ কৰিবলগীয়া বুষ্টাৰ ড’জ ভেক্‌চিনৰ পৰীক্ষা চলোৱাৰ বাবে ভাৰত বায়’টেকে অনুমতি লাভ কৰিছে৷ মন কৰিবলগীয়া কথা যে ক’ভেক্সিনৰ দুয়োটা ভেক্‌চিন গ্ৰহণ কৰা লোকৰ ওপৰতহে এই তৃতীয় পৰ্যায়ৰ বাবে পৰীক্ষা চলোৱা হ’ব৷ এই সম্পৰ্কে ভাৰতৰ ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰেলৰ তৰফৰ পৰা ভাৰত বায়’টেকক বুষ্টাৰ ড’জৰ পৰীক্ষা চলোৱাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে৷ দেশৰ ৯টা স্থানত এই তৃতীয় পৰ্যায়ৰ পৰীক্ষা চলোৱা হ’ব আৰু এই ভেক্‌চিনৰ নাম ৰাখিছে বি বি ভি ১৫৪ ৷ ভাৰত বায়’টেকে সদৰী কৰা মতে ক’ভিডৰ প্ৰধান সংক্ৰমণ যিহেতু নাকৰ জৰিয়তে হয়, সেয়েহে নাকত ভেক্‌চিন গ্ৰহণ কৰিলে নাকৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here