ক’ভিড বিধি মানি পালন কৰক সৰস্বতীৰ পূজা

0
384

ৰাজ্যত ক’ভিড পৰিস্থিতি পূৰ্বতকৈ উন্নত হোৱাৰ বাবে চৰকাৰে ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যত নতুন ক’ভিড বিধি বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ আনহাতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা উপলক্ষে কোনো পৃথক এছ অ’ পি জাৰি নকৰে ৰাজ্য চৰকাৰে৷ উল্লেখ্য যে ৰাজ্যত ক্ৰমাৎ ক’ভিড পৰিস্থিতি উন্নত হৈছে৷ ১৩ শতাংশৰ ঘৰ স্পৰ্শ কৰা ক’ভিড সংক্ৰমণৰ হাৰ সম্প্ৰতি নিম্নগামী হৈ ৬ শতাংশ হৈছেহি৷ ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকা কৰা ক’ভিডৰ তৃতীয় ঢৌ আশা কৰাতকৈ যথেষ্ট আগতীয়াকৈ নিয়ন্ত্ৰণাধীন হয়৷ বিদ্যালয়সমূহত এইবাৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰাত শিশুৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ইতিমধ্যে অষ্টম শ্ৰেণীলৈকে অফলাইন পাঠদান বন্ধ ৰাখিছে৷ ইফালে অহা ৫ ফেব্ৰুৱাৰীত দেশৰ অন্য প্ৰান্তৰ দৰে ৰাজ্যতো বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা পালন কৰা হ’ব৷ কিন্তু চৰকাৰে এইপৰ্যন্ত পূজাৰ বাবে ক’ভিড বিধি ঘোষণা নকৰাত শিক্ষানুষ্ঠানসমূহত পূজা অনুষ্ঠিত কৰাক লৈ অনিশ্চতাৰ সৃষ্টি হৈছিল৷ দেৱী সৰস্বতীৰ মূৰ্তি নিৰ্মাণ কৰা মৃণ্ময় শিল্পীসকলৰ ব্যৱসায়ো ইয়াৰ বাবে স্থৱিৰ হৈ পৰিছিল৷  স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সৰস্বতী পূজাৰ বাবে পৃথক ক’ভিড বিধি জাৰি নকৰাৰ কথা ঘোষণা কৰাৰ লগতে কভিড বিধি মানি শিক্ষানুষ্ঠানত সৰস্বতী পূজা অনুষ্ঠিত কৰিব পাৰিব বুলি ঘোষণা কৰাৰ পাছতে শিক্ষানুষ্ঠানসমূহৰ লগতে মৃণ্ময় শিল্পীসকল উৎসাহী হৈ পৰিছে৷ স্বাস্থ্য মন্ত্ৰীজনে পূজাৰ বাবে নতুন এছ অ’ পি জাৰি নকৰিলেও মুখত মাস্ক আৰু সামাজিক দূৰত্ব মানি পূজা অনুষ্ঠিত কৰিব পাৰিব বুলি ঘোষণা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here