NFHS-ৰ জৰীপ : শিশু-প্ৰাপ্তবয়স্কৰ মাজত বৃদ্ধি পাইছে মেদবহুলতা || Obesity growing among children and adults: NFHS

0
1442
দেশৰ ৩৩খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত ৫ বছৰৰ তলৰ শিশুৰ মেদবহুলতা বৃদ্ধি পাইছে৷ ফলত ওজনাধিক্য বা অ’ভাৰৱেইট শিশুৰ সংখ্যাও বৃদ্ধি পাইছে৷ শেহতীয়া ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ চমুকৈ NFHS-ত এই কথা প্ৰকাশ পাইছে৷ শাৰীৰিক কাৰ্যকলাপৰ অভাৱ আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসেই মেদবহুলতা বৃদ্ধিৰ কাৰণ বুলি বিশেষজ্ঞসকলে কয়৷ NFHS-৪-ত ওজনাধিক্য শিশু ২.১ শতাংশ থকাৰ বিপৰীতে NFHS-৫-ত ই ৩.৪ শতাংশলৈ বৃদ্ধি পাইছে৷ কেৱল শিশুৱে নহয়, মহিলা আৰু পুৰুষৰ মাজতো মেদবহুলতা বৃদ্ধি পাইছে৷ ওজনাধিক্য মহিলাৰ সংখ্যা ২০.৬ শতাংশৰ পৰা ২৪ শতাংশলৈ বৃদ্ধি পাইছে৷ আনহাতে পুৰুষৰ ক্ষেত্ৰত ১৮.৯ শতাংশৰ পৰা ২২.৯ শতাংশলৈ বৃদ্ধি পাইছে৷ NFHS-৫ৰ তথ্য মতে ৩০খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত মহিলাৰ মেদবহুলতা বৃদ্ধি পাইছে৷ আনহাতে ৩৩খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত পুৰুষৰ মেদবহুলতা বৃদ্ধি পাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here