প্ৰত্যাহ্বান : অচিৰেই জিমেইলৰ বিকল্প এক্সমেইল

0
36


টেছলা তথা স্পেচএক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে গুগ্‌লক ভাবুকি দি এইবুলি ঘোষণা কৰে যে অচিৰেই তেওঁৰ এক্স [পূৰ্বৰ টুইটাৰ] প্লেটফৰ্মত জিমেইল সেৱাৰ বিকল্প পোৱা যাব৷ এক্সে ই-মেইল সেৱাৰ কোনো আঁচনি হাতত লৈছে নেকি বুলি সোধাত তেওঁ কয় যে অচিৰেই এই সেৱা উপলব্ধ হ’ব৷ এক্সৰ ইঞ্জিনীয়াৰিং আৰু সুৰক্ষা টিমৰ সদস্য নেট মেকগ্ৰাডীয়ে এই বুলি প্ৰশ্ন কৰিছিল যে এক্সমেইল কেতিয়া আৰম্ভ হ’ব৷ ইয়াৰ উত্তৰত মাস্কে কয় যে আহি আছে৷ উল্লেখ্য যে এখন কাৰচাজি কৰা ফটো সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পাছত তথ্য প্ৰযুক্তিৰ খণ্ডটোত এক ধুমুহাৰ সৃষ্টি হয় আৰু গুগলে জিমেইল বন্ধ কৰিব বুলি উৰা বাতৰি প্ৰচাৰ হ’বলৈ ধৰে৷ এজন ফল’ৱাৰে কয় যে জিমেইলৰ প্ৰতি থকা ভৰসা নোহোৱা হৈ পৰিছে৷ অচিৰেই এক্সমেইল ব্যৱহাৰ কৰাৰ সময় আহি পৰিছে৷ ইয়াৰ আগতে এক্সত গুগলে প্ৰকাশ কৰা বুলি কোৱা এখন ফটো বহুলভাৱে প্ৰচাৰিত হ’বলৈ ধৰে৷ এই ফটোখনত কোৱা হৈছিল যে আগষ্ট ২০২৪ত জিমেইলৰ সূৰ্যাস্ত হ’ব৷ কোম্পানীটোৱে এই বছৰ মূল এইচ টি এম এল বন্ধ কৰিব আৰু তাৰ স্থানত ব্যৱহাৰকাৰীক আন এটা সেৱাৰ সুবিধা দিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here