সাৱধান! নতুন কৰ’না ভাইৰাছ অমিক্ৰনৰ আতংকত সন্ত্ৰস্ত বিশ্ব || Beware! Worldwide fear over new Covid variant ‘Omicron’

0
422
বিশ্বত বৰ্তমান কৰ’নাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ সন্ত্ৰাস৷ দক্ষিণ আফ্ৰিকাত ধৰা পৰা নতুন অতি সংক্ৰমণৰ সম্ভাৱনা থকা কভিড-১৯ৰ ভেৰিয়েণ্ট অমিক্ৰনৰ বাবে দেশখনৰ বিৰুদ্ধে ১৮খন দেশে ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰাত দক্ষিণ আফ্ৰিকাৰ শীৰ্ষ স্বাস্থ্য ফেডাৰেশ্যনে তীব্ৰ সমালোচনা কৰে৷ স্বাস্থ্য ফেডাৰেশ্যনে কয় যে গুৰুত্বপূৰ্ণ মেডিকেল তথ্যৰ আদান-প্ৰদানত যদি এই দেশবোৰে ‘স্বচ্ছতা’ বিচাৰে, তেন্তে এনে নভবা-নিচিন্তা ততাতৈয়াকৈ প্ৰতিক্ৰিয়াৰ পৰা বিৰত থকা উচিত৷ আফ্ৰিকাত প্ৰথম ধৰা পৰা ভেৰিয়েণ্ট বি ১.১.৫২৯ক বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO-এ ‘উদ্বেগজনক ৰূপত’ শ্ৰেণীভুক্ত কৰি ‘অমিক্ৰন’ নাম দিছিল৷ দক্ষিণ আফ্ৰিকা চিকিৎসা সন্থা বা ছামাৰ অধ্যক্ষ এঞ্জেলিক কোৱেটজীয়ে ভ্ৰমণ নিষেধাজ্ঞা সন্দৰ্ভত কয় যে আফ্ৰিকাৰ পৰা আৰু আফ্ৰিকালৈ ১৮খন দেশে বিমান চলাচল নিষিদ্ধ কৰাটো অকালপক্ব, কাৰণ এই ভেৰিয়েণ্ট কিমান বিপজ্জনক হ’ব সেই সন্দৰ্ভত এতিয়ালৈকে যথেষ্ট তথ্য নাই৷ কোৱেটজীয়ে তেওঁলোকে পৰীক্ষাত পোৱা কথা ঘোষণা কৰাৰ সিদ্ধান্তক সমৰ্থন কৰি কয় যে দক্ষিণ আফ্ৰিকাক প্ৰশংসাহে কৰিব লাগে, কলংকিত কৰা উচিত নহয়৷ উল্লেখ্য যে বৰ্তমানলৈকে দক্ষিণ আফ্ৰিকা, হংকং, বটছৱানা, ইজৰাইল, অষ্ট্ৰেলিয়া, বেলজিয়াম, নেদাৰলেণ্ড, জাৰ্মেনি, ইউ কে, ইটালি আৰু চেক প্ৰজাতন্ত্ৰত নতুন ভেৰিয়েণ্টৰ সংক্ৰমণ পোৱা হৈছে৷ আনহাতে দক্ষিণ আফ্ৰিকা, বটছৱানৰ লগতে উক্ত দেশ দুখনৰ প্ৰতিৱেশী নামিবিয়া, মোজাম্বিক, জিম্বাবুৱে, লেছ’থ’, এছৱাটিনি, মালাৱি, জাম্বিয়া আৰু এংগোলাৰ বিৰুদ্ধেও ভ্ৰমণ নিষেধাজ্ঞা জাৰি কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here