ঋতুস্ৰাৱ, মূত্ৰনলীৰ সমস্যা নিৰাময়ৰ বাবে এইটো ব্যায়াম কৰক

0
39

ব্যায়াম হ’ল এক উৎকৃষ্ট শাৰীৰিক পদ্ধতি, যাৰ জৰিয়তে শৰীৰ সুস্থ তথা সবল কৰি ৰাখিব পাৰি৷ ব্যায়ামেই এক অস্ত্ৰ, সেয়ে দৈনিক ব্যায়াম কৰাৰ অভ্যাস কৰিলে শৰীৰৰ বিভিন্ন সমস্যাৰ পৰা হাত সাৰিব পাৰে৷ অৱশ্যে প্ৰতিটো সমস্যাৰ বাবে বেলেগ বেলেগ ব্যায়াম আছে৷ সেয়ে প্ৰতিটো ব্যায়ামৰ উপকাৰিতা চাইয়ে সেই নিৰ্দিষ্ট ব্যায়াম কৰিলে সুফল পোৱা যায়৷ শৰীৰচৰ্চাবিদে কোৱা মতে যিসকলে প্ৰতি মাহতে ঋতুস্ৰাৱৰ সমস্যাত ভোগে, তথা মূত্ৰনলীৰ সমস্যা আছে, তেওঁলোকে এইটো নিৰ্দিষ্ট ব্যায়াম কৰা জৰুৰী৷ সেই ব্যায়ামটো নাম হৈছে মালাসন৷ ইংৰাজীত গাৰলেণ্ড পোজ বুুল কোৱা হয়৷ অনিয়মীয়া ঋতুস্ৰাৱ, ঋতুস্ৰাৱ চলাকালীন বেথা-যন্ত্ৰণা নিৰাময় কৰিবলৈ এই ব্যায়াম যথেষ্ট ফলদায়ক৷ কঁকাল, হেমষ্ট্ৰিং, পেটৰ পেশী মজবুত ৰাখিবলৈ এই ব্যায়ামৰ যথেষ্ট ভূমিকা আছে৷ আনহাতে যিসকলে দীৰ্ঘসময় ধৰি বহি বহি অফিচৰ কাম কৰে, তেওঁলোকৰ কাৰণেও এই মালাসন কাৰ্যকৰী৷ এই মালাসনে হজমৰ সমস্যা সহজে সমাধান কৰিব পাৰে৷ এটা নিৰ্দিষ্ট বয়সৰ পাছত মহিলাসকলৰ মূত্ৰথলীৰ পেশীৰ সক্ৰিয়তা কমি যায়৷ ফলত বহু সময় মূত্ৰ ধৰি ৰখাৰ ক্ষমতা নোহোৱা হয়৷ নিয়মিতভাৱে মালাসন কৰিলে এই সমস্যা সহজে সমাধান হয়৷ কম সময়তে কবিৰ পৰা এই ব্যায়ামটো আপোনাৰ হাতত খুব বেছি সময় নাথাকিলেও এই ব্যায়ামৰ কৰাৰ অভ্যাস কৰাটো সকলো বয়সৰ বাবেই যথেষ্ট উপকাৰী৷ কিদৰে কৰিব এই ব্যায়াম৷ প্ৰথমে মাটিত বহি লওক৷ পিঠি যাতে পোন হৈ থাকে তালৈ মন কৰিব৷ তাৰ পাছত দুয়োখন ভৰি অলপ মেলি দিব আৰু বহাৰ ভংগীত থাকিব৷ দুয়োখন ভৰি বহাৰ ভংগীত ওচৰা-উচৰিলৈয়ে ৰাখক৷ এতিয়া হাত দুখন নমস্কাৰ ভংগীৰে একেলগে লগ লগাওক৷ প্ৰণাম কৰাৰ ভংগীত দুয়োখন হাত এনেদৰে ৰাখক যাতে কান্ধখন দুই হাতে স্পৰ্শ কৰিব পাৰে৷ এইদৰে ৩-৪ মিনিট এই আসনত থাকি পাছত লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here